ডিজিটেল ডেস্ক, ২ এপ্ৰিল : নাওবৈচা বিধানসভা সমষ্টিৰ অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী বসন্ত দাসৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যৰে উপস্থিত হ’ল সভাপতি অতুল বৰা ৷ প্ৰতিকূল বতৰকো নেওচি হেলিকপ্টাৰেেৰে সমষ্টিটোৰ লিখক চাপৰিত উপস্থিত হৈ এখন বিশাল নিৰ্বাচনী সভাত অংশ লয়।
নিৰ্বাচনী সভাত অংশ লৈ সভাপতি অতুল বৰাই অসম গণ পৰিষদৰ প্ৰতি আকৃষ্ট হৈ ইতিমধ্যে একাংশ সংখ্যালঘু নেতা-কৰ্মীয়ে দলটোত যোগদান কৰা বিষয়টোক উচ্চ প্ৰশংসা কৰাৰ লগতে এইবাৰ নাওবৈচা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত বসন্ত দাসক বিপুল ভোটত জয়ী কৰাবলৈ সকলোকে আহ্বান জনায় ৷
সমষ্টিটোৰ বিজেপি আৰু অসম গণ পৰিষদ দলৰ নেতা-কৰ্মীয়ে অংশ লোৱা সভাখনত এইবাৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত বসন্ত দাসক বিপুল ভোটত জয় কৰোৱাৰ সংকল্প গ্ৰহণ কৰে ৷