নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কি আছিল আমিনুলৰ বিতৰ্কিত অডিঅ’ ক্লিপত ?

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ ধিং সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে ক’ভিড-১৯ সম্পৰ্কত ছ’চিয়েল মিডিয়াত দিয়া এক বিতৰ্কিত অডিঅ’ ক্লিপৰ বাবে তেওঁক আৰক্ষীয়ে জেৰা কৰি পৰৱৰ্তী পৰ্যায়ত গ্ৰেপ্তাৰ কৰে । স্বাভাৱিকতে ৰাইজৰ মাজত প্ৰশ্ন উঠিছে প্ৰকৃততে আমিনুল ইছলামৰ অডিঅ’ ক্লিপটোতনো কি আছিল । সম্প্ৰতি নিয়মীয়া বাৰ্তাৰ হাতত পৰিছে সেই অডিঅ’ ক্লিপটো । পাঠকসকলৰ বাবে ক্লিপটো হুবহু ৰূপত আগবঢ়োৱা হ’ল – ‘মন চন বহুত বেয়া । তাৰ মানে এতিয়া এনেকুৱা কনছপিৰেছি ষ্টাৰ্ট হৈছে, যিটো মানে কোৱাৰেণ্টাইন চেণ্টাৰবিলাক ডিটেনচন কেম্পতকৈও আৰু এটা বেয়া পৰ্যায়লৈ লৈ গৈছে সিহঁতে । মই কিছুমান খবৰ পাইছোঁ কালি ৰাতি । ইয়াত লাহৰীঘাটত কোৱাৰেণ্টাইনৰ এটা চেণ্টাৰ কৰিছে । ইয়াত মানুহ আনিছে ১৭ জন আৰু ৩ জন মুঠ ১৯ জন । এই মানুহবিলাক এক মাহ আগত দুই মাহ আগত নিজামুদ্দিনৰ পৰা আহিছে । এই মানুহবিলাককে ধৰি ধৰি আনি ৰাখিছে । সেই মানুহবিলাক এবাৰ সুমুৱাই দিয়াৰ পাছত ফেমেলীৰ মানুহ, ওচৰৰ মানুহকো হাস্পতালত চেণ্টাৰৰ ওচৰত যাব নিদিয়ে । তিনিটা ৰূমত ১৯ জনক ৰাখিছে । এটা ৰূমতে ৫-৬জন, ১০ জন ৰাখিছে । ৰূমত খালী এটা বেড আৰু এটা গাৰু । আঁঠুৱা নাই, মহাৰী নাই, ইমান মহ, কয়েল দিয়া নাই । খোৱা-বোৱা, চাহ পানী নাই । পানীৰ বটলটোও নাই, একো ব্যৱস্থা নাই ।’

স্মৰ্তব্য যে, বিধায়ক ইছলামে ইয়াৰ উপৰি ফেচবুক যোগে নিজামুদ্দিন মাৰ্কাজৰ পৰা হোৱা ক’ভিড-১৯ ৰ সংক্ৰমণৰ বিষয়টোও একপ্ৰকাৰ উলাই কৰি হঠাতে লকডাউন হোৱাৰ বাবে হাজাৰ হাজাৰ মানুহ তাত আবদ্ধ হ’বলগীয়া হয় বুলি উল্লেখ কৰাৰ লগতে বৈষ্ণোদেৱীৰ মন্দিৰ , অযোধ্যা আদিতো বহু লোক আবদ্ধ হৈ থাকিবলগীয়াত পৰে বুলি উল্লেখ কৰে । তেওঁৰ মতে অকল ইছলামধৰ্মীসকলকহে টাৰ্গেট কৰি লোৱাটো সঠিক হোৱা নাই । ইয়াৰ জৰিয়তে হিন্দু-মুছলমানৰ মাজত চৰকাৰে সংঘাত সৃষ্টি কৰিব বিচাৰিছে ।

You might also like