নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙালী বিহুৰ পৰম্পৰা ৰক্ষাৰ চেষ্টা ঢকুৱাখনাৰ জীয়ৰীৰ

“মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে/সেউজীয়া বননিৰ বৰণেৰে ঢকা/অন্তৰ জলোৱা ছবি অতীতৰ স্মৃতি লই/বুকুৰ তেজেৰে আছে অন্তৰতে অঁকা।” -যতীন্দ্ৰনাথ দুৱৰা

আজি বিহুৰ উৰুকা। কাইলৈ অসমীয়াই পালন কৰিব গৰু বিহু। হেঁপাহৰ ৰঙালী বিহুক লৈ ৰাজ্যজুৰি উছাহ ঢৌ। অন্তিম আখৰাত ব্যস্ত ঢুলীয়া-নাচনী। শিলৰ পতাত এমুঠি সেউজীয়া পিহি এই বহাগী দুহাত ৰঙা কৰাৰ সময় এয়া।

কপৌ পাহি পকাই নেঘেৰি খোপাত বিহু জুৰিবলৈ যোৱাৰ সময় এয়া।বিহুত খোপাত কপৌফুল আৰু হাতত জেতুকাৰ বুল লৈ ককাঁল ঘূৰাই এপাক নাচিবলৈ গাঁৱৰ জীয়ৰীসকল। আদৰৰ বিহুৱান সাদৰেৰে সামৰি চেনাইক যাছিবলৈ পদুলিত পৰ দিয়াৰ সময় এয়া। এতিয়া বসন্তৰ উন্মনা বা।

অসমীয়াৰ লোক সংস্কৃতি আৰু পৰম্পৰাৰ উল্লেখযোগ্য অংগ জেতুকা। আধুনিকতাৰ ধামখুমীয়াৰ মাজতো অসমীয়া জীয়ৰীয়ে ৰক্ষা কৰিছে পৰম্পৰা। ৰঙালী বিহুত অতীজৰে পৰা অসমীয়া জীয়ৰী বোৱাৰীয়ে ব্যৱহাৰ কৰি আহিছে জেতুকা।

বজাৰত উপলব্ধ মেহেন্দীৰ পৰিৱৰ্তে বাৰীৰ ঢাপৰ জেতুকা ছিঙি সমূহীয়াকৈ জেতুকা লগাইছে গাঁৱৰ জীয়ৰীয়ে।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ঢকুৱাখনাতো গাঁৱৰ একাংশ যুৱতীয়ে দুহাতত জেতুকা বুলাই বিহুত এপাক নচাৰ পৰিকল্পনাৰে একলগ হৈ বাৰীৰ কাষৰ জেতুকা জোপাৰ পৰা গোটাইছে জেতুকা ।

হাতত জেতুকা বোলাই ঢোল পেঁপাৰ লহৰত কঁকাল ভাঙি ভাঙি নাচিবলৈ সাজু হৈছে নাচনী। সেই জেতুকা পটাত পিহি শুৱনি কৰিছে দুহাত। বিহুৰ আয়োজনৰ লগতে ঘৰুৱা কাম-কাজ সামৰি সমনীয়াৰ সৈতে আনন্দ মনেৰে গাঁৱৰ জীয়াৰী সকল ব্যস্ত হৈ পৰিছে দুহাতত জেতুকাৰ ৰং বুলাবলৈ।

বিহু গীততো পোৱা যায়- “জেতুকাৰ বোলেৰে দুয়োহাত বুলালোঁ, ছিঙিলো কপৌৰে পাহি…।” অসমীয়া জীয়ৰী-বোৱাৰীসকলে বিহুৰ পূৰ্বে হাতত জেতুকা লোৱাৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তত যুৱতীসকলক দেখা গ’ল একত্রিত হৈ জেতুকাৰ বোল লোৱাত।

শিলৰ পটাত পিহি বিহুনাম গাই গাই সেই জেতুকাৰে শুৱনি কৰিছে দুহাত। বিহুৰ আয়োজনৰ লগতে ঘৰুৱা কাম-কাজ সামৰি এনেদৰেই সমনীয়াৰ সৈতে আনন্দ মনেৰে গাঁৱৰ জীয়াৰীসকল ব্যস্ত হৈ পৰিছে দুহাতত জেতুকাৰ ৰং বোলাবলৈ।

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১৩ এপ্ৰিল

You might also like