নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ গৰু বিহু… ৰঙালীৰ ৰঙত উন্মনা হ’বলৈ সাজু অসমীয়া

ধূলিয়ৰি ফাগুনে উর্বৰা কৰা প্রকৃতিয়ে ৰমকজমককৈ ন–সাজ পিন্ধি গাভৰু হৈ পৰিছে৷ ঋতুৰাজ বসন্তই প্রকৃতিক পিন্ধাইছে সেউজী সাজ৷ পদূলিমুখত হেঁপাহৰ বাপতিসাহোন ব’হাগৰ আগমন৷ কুঁহিপাতৰ আঁৰ লৈ লাজুকীয়া কুলিটিয়েও কুউ কুউ শব্দেৰে ৰঙালীৰ বতৰা দিছে৷

চৌদিশে এতিয়া মাথোঁ ঢ়োল–পেঁপাৰ শব্দ৷ ৰঙালীৰ ৰঙত উন্মনা হ’বলৈ সাজু হোৱা অসমীয়াই প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ অসমীয়াৰ আয়ুস ৰেখা ব’হাগ৷ পুৰণিক পাহৰি নতুন উদ্যমেৰে নতুনক আদৰি লোৱাৰ সময় হৈছে ব’হাগ৷ বিগত এমাহ ধৰি অসম বিধানসভা নির্বাচনক লৈ উত্তাল হৈ আছিল ৰঙালীৰ ৰঙত উন্মনা হ’বলৈ সাজু অসমীয়া ৰাজ্যৰ ৰাজনীতি৷

দিছপুৰৰ শাসনৰ বাঘজৰী কোনে চম্ভালিব তাক লৈ চলা সৰল অংকৰ মাজতে নীৰৱে ব’হাগক আদৰিবলৈ মাহৰ পিছত মাহ ধৰি তাঁতশালত সীমাহীনভাৱে ব্যস্ত হৈ পৰিছিল ৰাজ্যৰ জীয়ৰী–বোৱাৰীসকল৷ নির্বাচনী ব্যস্ততাৰ শাম কটাৰ পাছতেই দূৰৈৰ পৰা ভাহি অহা ঢোল–পেঁপাৰ শব্দই নাচনীহঁতক বলিয়া কৰি তুলিছে৷

ঢোলৰ ছেৱত টাকুৰি ঘূৰা দি কঁকাল ভাঙিবলৈ সাজু হোৱা ৰাঙলী নাচনীৰ বহু প্রতীক্ষিত ক্ষণ এতিয়া সমাগত৷ ৰাজ্যজুৰি পূর্ণোদ্যমে বিভিন্ন প্রান্তত চলি থকা বিহুৰ কর্মশালাসমূহো সম্পূর্ণ হোৱাৰ পথত৷ ঢ়োল–পেঁপাৰ মধুৰ মূর্ছনাই অকল ৰাঙলী নাচনীকেই নহয়, সমান্তৰালভাৱে উদ্বাউল কৰি তুলিছে জীয়ৰী–বোৱাৰীসকলক্৷

মৰমৰ দীঘ আৰু চেনেহৰ বাণিৰে প্রিয়জনলৈ তাঁতশালত লগোৱা বিহুৱানখন নিশাটোৰ ভিতৰতে বৈ উলিয়াবলৈ যথেষ্ট কষ্ট স্বীকাৰ কৰিছে শিপিনীসকলে৷ সঘনাই তাঁতৰ মাকো উফৰি মাটিত পৰিছে৷ কিন্তু পহিলা ব’হাগৰ দিনা প্রিয়তমক বিহুৱানখন যিকোনো প্রকাৰে গাত তুলি দিবই লাগিব৷

গতিকে, দিন–ৰাতি একাকাৰ কৰি শিপিনী, জীয়ৰী–বোৱাৰীয়ে তাঁতশালখনত ব্যস্ত হৈ পৰিছে৷ শিপিনীসকলৰ ব্যস্ততাৰ সমান্তৰালভাৱে গ্রামাঞ্চলৰ বিভিন্ন প্রান্তত প্রতিধ্বনিত হৈছে ঢ়েঁকীৰ চিনাকি শব্দ৷ ব’হাগ গ’লেই বিনাবা কাক৷ বিভিন্ন পিঠা–পনা আৰু লাড়ুৰে ব’হাগৰ প্রথম দিনটোত অতিথিক আদৰাৰ বাবে গ্রামাঞ্চলৰ আইমাতৃয়ে কষ্ট স্বীকাৰ কৰিছে৷

খৰিৰ জুইত ধোঁৱাৰ মাজত ত্রিভুবন প্রত্যক্ষ কৰি চকুপানী টুকি পিঠা–লাড়ু প্রস্তুত কৰাৰ দিন কেতিয়াবাই উকলিল৷ আধুনিক প্রযুক্তিয়ে চহৰাঞ্চলৰ লগতে গ্রামাঞ্চলৰ আইমাতৃৰ হাততো তুলি দিলে ৰন্ধন গেছৰ দৰে অত্যাধুনিক সা–সুবিধা৷ কিন্তু মধ্যপ্রাচ্যৰ সংঘর্ষজর্জৰ যুদ্ধোন্মাদ পৰিৱেশে আজি এই সুবিধাও ভালদৰে উপলব্ধ কৰিব পৰা নাই৷ জেপত ধন থকাৰ পাছতো এটা গেছ চিলিণ্ডাৰ বিচাৰি গাঁৱে–ভূঞে চৌদিশে ৰাইজৰ লানি নিছিগা শাৰী৷

তাৰ পাছতো প্রাপ্য চিলিণ্ডাৰ ৰাইজে পোৱা নাই৷ কিন্তু ৰঙালীক আদৰাৰ প্রস্তুতিত ব্যস্ত অসমীয়াৰ বাবে এয়া যেন সাময়িক প্রত্যাহ্বানহে৷ ৰন্ধন গেছৰ অবর্তমানত ৰঙালীৰ ৰঙক জানো ম্লান পৰিব দিবলৈ পাৰি? এই প্রত্যাহ্বানেৰে সাময়িকভাৱে খৰিৰে হ’লেও পিঠা–পনা প্রস্তুত কৰি অতিথিক আদৰাৰ বাবে অসমীয়াই সাজু হৈছে৷

অৱশ্যে এই প্রভাৱ গ্রামাঞ্চলত জটিল নহ’লেও নগৰাঞ্চলৰ ৰাইজৰ বাবে যথেষ্ট মূল্যৱান হৈ পৰিছে ৰন্ধন গেছৰ নাটনি৷ ব্যস্ততাপূর্ণ জীৱনৰ অজুহাতত চহৰৰ অসমীয়া ৰাইজে বজাৰৰ পিঠা–পনাৰেই প্রতিবাৰে বিহুটিক আদৰণি জনায়৷ এইবাৰো ইয়াৰ ব্যতিক্রম নহয়৷ কিন্তু গেছৰ নাটনিৰ বাবেই বিভিন্ন পিঠা–পনাৰ দামতো যথেষ্ট পার্থক্য আহিছে৷

ইয়াৰ পাছতো হেঁপাহৰ ব’হাগক আদৰি লোৱাৰ নামত কৃপণালি কৰা নাই নগৰৰ অসমীয়াই৷ কম পৰিমাণে হ’লেও পিঠা–পনা ক্রয় কৰি ব’হাগীক আদৰিবলৈ ৰাইজ ব্যস্ত হৈ পৰিছে৷ ব’হাগ মানেই চৌদিশে সীমাহীন ব্যস্ততা৷ সেয়া লাগিলে অসমৰ জকাইচুকৰ গাঁওখনেই হওক বা ব্যস্ততম চহৰেই হওক৷ ভোটৰ অংকক লৈ কিছুদিনলৈকে ব্যস্ত হৈ থকা ৰাজ্যৰ প্রতিটো অঞ্চল এতিয়া মাথোঁ সুললিত বিহুনাম, ঢোল আৰু পেঁপাৰ মূর্ছনাৰে মুখৰিত৷

ঢোলৰ চাপৰ আৰু পেঁপাৰ মাতেৰে অসমৰ আকাশ–বতাহ মুখৰ হৈ পৰিছে৷ ঢ়োল–পেঁপা–গগনা লৈ বিভিন্ন বিহু মঞ্চত পৰিৱেশনৰ বাবে সাজু হৈ পৰিছে বিহুৱা–বিহুৱতীসকল্৷ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই তাহানিতেই গছৰ তলৰ বিহুক মঞ্চলৈ আনি জন্ম দিছিল গুৱাহাটী বিহু সন্মিলনী৷

আজি সিংহপুৰুষৰ অবর্তমানত মঞ্চ বিহুৱে এক অনন্য মাত্রাত লাভ কৰিছে৷ শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন বিহু সমিতিয়ে আয়োজন কৰিছে মঞ্চ বিহুৰ৷ গৰু বিহুৰ দিনৰ পৰাই বিভিন্ন বিহু মঞ্চত অনুষ্ঠিত হ’ব বহু প্রতিযোগিতা–নুষ্ঠান৷ হাতত জেতুকা বোলাই বাঘা বিহুৱাৰ ঢ়োল–পেঁপাৰ লহৰত টাকুৰি ঘূৰা দি কঁকাল ভাঙি নাচিবলৈ সাজু হৈছে নাচনীসকল৷

কাইলৈ গৰু বিহুৰ অন্ত পৰাৰ পাছতে ৰাজ্যৰ বিহু মঞ্চ মুখৰিত হ’ব বিহুনামৰ মধুৰ মূর্ছনাৰে৷ গৰু বিহুৰ দিনা গোহালিৰ বলধ হালক যথাৰীতি নীতি–নিয়মেৰে ধুৱাই বছৰটোৰ বাবে শক্তিশালী কৰি তুলিব ৰাইজে৷ নোওৱাৰ অন্তত গৰুক দিবলৈ দীঘলতি–মাখিয়তীও আজিকালি নোহোৱা হ’ল৷ বজাৰত বিবিধ খাদ্য সম্ভাৰৰ লগতে উপলব্ধ হৈছে গৰু বিহুৰ বাবে প্রয়োজনীয় নতুন পঘা, দীঘলতি–মাখিয়তীও৷

মুঠৰ ওপৰত চেনেহৰ বিহুটিক আদৰিবলৈ কোনো কাৰণতে আপোচ কৰা নাই অসমীয়াই৷ এয়াই ব’হাগৰ মাদকতা৷ ব’হাগৰ মাদকতাময় পৰিৱেশক উপলব্ধি কৰি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচার্যই লিখিছিল– আহা কি সুন্দৰ এই ব’হাগ, কি যে মায়াৱী তাৰ লাৱণি দুখনি হাত…৷

ডিজিটেল ডেস্ক, ১৩ এপ্রিল

You might also like