নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গড়গাঁৱৰ ৰাজকাৰেঙৰ বাকৰিত উখল-মাখল পৰিৱেশ

অসমীয়াৰ প্ৰাণৰ স্পন্দন সূৰ্য কণ্ঠ, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ বিহীন প্ৰথমটো ৰঙালী বিহুৰ পহিলা ব’হাগতেই সৰ্বস্তৰতে ধ্বনীত হ’ল “জাষ্টিচ ফ’ৰ জুবিন গাৰ্গ”। উজনিৰ পৰা নামনিলৈ প্ৰতিটো প্ৰান্তত প্ৰতিজন অসমীয়াই পালন কৰিছে হেপাঁহৰ ৰঙালী বিহু।

এই ৰঙালী বিহুৰ পহিলা দিনটো “মানুহ বিহু” দিন হিচাপে পালন কৰে প্ৰতিজন অসমীয়াই। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নাজিৰা গড়গাঁৱৰ ৰাজকাৰেঙৰ বাকৰিত  উখল-মাখল পৰিৱেশৰ মাজতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সোঁৱৰি প্ৰতিজনেই শোকাতো হৈ পৰা পৰিলক্ষিত হয়।

জুবিন গাৰ্গৰ অমৰ সৃষ্টি তথা অসমীয়াৰ বাবে প্ৰাৰ্থনা লৈ ৰূপান্তৰিত হোৱা ” মায়াবিনী ” গীতেৰে ঐতিহাসিক গড়গাঁৱৰ ৰাজকাৰেঙৰ বাকৰি জীপাল হৈ পৰে। অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত গড়গাঁৱৰ ৰাজকাৰেঙৰ বাকৰিত বিগত বছৰকেইটাৰ দৰে ব’হাগৰ প্ৰথম দিনটোতেই ৩১ সংখ্যক মুকলি বিহু উদযাপন কৰা হয়।

পুৱা পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি গোবিন্দ বৰগোহাঁয়ে পতাকা উত্তোলন, মুকলি বিহু উদযাপন সমিতিৰ সভাপতি প্ৰণৱ খাটনিয়াৰে বিহুৱান উত্তোলন আৰু আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক দীপক ছেত্ৰী দিহিঙীয়াই শ্বহীদ তৰ্পন কৰাৰ পিছতে মুকলি বিহু উদযাপন সমিতিৰ মুখ্য তত্বাৱধায়ক উৎপল কোঁৱৰে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

একে স্থানতে বিশ্ববিশ্ৰুত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ প্ৰতিষ্ঠাপক সদস্য সুবোধ কোঁৱৰ, ৰিপনজ্যোতি কোঁৱৰ, নৱশ্যাম মেছ, অনন্ত কলিতা, প্ৰণৱ গগৈকে ধৰি ভালেকেইজননে।

গছপুলি ৰোপণ কৰাৰ পিছত প্ৰদৰ্শনীমূলক কণী যুঁজ শোভাৰম্ভ কৰে প্ৰণৱজ্যোতি দত্তই। ইয়াৰ পিছতে সমাজৰ বিভিন্ন ক্ষেত্রত অৱদান আগবঢ়োৱা ক্ৰমে বদন দত্ত ,গিৰীণণ বাইলুং বৰুৱা, প্ৰমোদ তামুলী, লক্ষীমাই দত্ত, বুদু চেতিয়া, নীল হাতীমূৰীয়া, মুনিন খনিকৰ, প্ৰণৱ খাটনিয়াৰক  সম্বৰ্দ্ধনা জনোৱা হয় লগতে বিহু দলৰ সৈতে সকলোৱে ঐতিহাসিক ৰাজ কাৰেং প্ৰদৰ্শন কৰাৰ পিছতে আমন্ত্ৰিত অসমৰ আগশাৰী বিহু হুঁচৰি দল আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আদি বিভিন্ন অনুষ্ঠানে কৰেঙৰ বাকৰিত এটি মনোমোহা পৰিবেশৰ সৃষ্টি কৰে।

বিহুৱা নাচনীৰ উচাহেৰে উখল মাখল হৈ পৰে কাৰেঙৰ বাকৰি। উৎপল কোঁৱৰ আৰু প্ৰণৱ গগৈয়ে আঁত ধৰা অনুষ্ঠানটো শুভ উদ্বোধন কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু মুখ্য উপদেষ্টা ৰানা প্ৰতাপ বৰুৱাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত অসমীয়ৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মহাপ্ৰয়াণ এক পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি ইয়াৰ উচিত তদন্ত আৰু ন্যায়ৰ লগতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক সকলকো ন্যায়িক প্ৰক্ৰিয়ালৈ আনি অভিযুক্তক দৃষ্টান্তমূলক আইনী শাস্তি প্ৰদান কৰাৰ দাবী জনায়।

অনুষ্ঠানত ভাস্কৰজ্যোতি মহন্ত আৰু বিকাশ হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ “কাৰেং”  উন্মোচন কৰে বিশিষ্ট কবি লেখিকা তথা অৱসৰী প্ৰধান শিক্ষয়ত্ৰী স্নিগ্ধাৰাণী গগৈয়ে।

নিয়মীয়া বাৰ্তা, গেলেকী, ১৬ এপ্ৰিল

You might also like