ডিজিটেল ডেস্ক, ১৯ এপ্ৰিল : আজি ব’হাগৰ পঞ্চমটো দিন। সমগ্ৰ ৰাজ্যবাসীয়ে আজি উদযাপন কৰিছে সাত বিহুৰ জীয়াৰী বা চেনেহী বিহু।
টীয়কত উদীয়মান যুৱতীৰ প্ৰচেষ্টাত গঠন হোৱা লুইতপৰীয়া গাভৰু জেং বিহু দলৰ জেং বিহু বা জীয়াৰী বিহু প্ৰদৰ্শন কৰে। ব’হাগৰ পথাৰত পৌৰাণিক বিহুগীত গাই সমনীয়া যুৱতীসকলে এইদৰে কৰিছে বিহু উদযাপন।
উল্লেখযোগ্য যে জীয়াৰী বিহু বুলিলে পুৰুষ সমাজৰ পৰা কিছু নিলগত গৈ কোনো যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ উদ্দেশ্যে যাত্ৰা পথত জেং দি পথ বন্ধ কৰি গাঁৱৰ জীয়ৰী-গাভৰুৱে কেৱল টকা, গগনা বজাই নিজৰ মাজত ৰং-ৰহইচ কৰে।
সেই পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত তথা উত্তৰ প্ৰজন্মক অসমীয়াৰ চহা কৃষ্টি-সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ এইদৰে এইসকল জীয়াৰীয়ে অঞ্চলৰ কেইবাগৰাকীও জ্যেষ্ঠ তথা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত এইদৰে জেং বিহু প্ৰদৰ্শন কৰিছে।
এই পৰিৱেশে সকলোৰে মাজত সমন্বয় গঢ়াৰ লগতে বিশেষকৈ গ্ৰামাঞ্চলসমূহত মহিলা বা জীয়াৰীসকলে কিবা এটা ইতিবাচক কৰ্ম কৰিবলৈ উৎসাহিত হ’ব বুলি আশা প্ৰকাশ কৰিছে এইসকল জীয়ৰী-গাভৰুৱে।