নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত পৰম্পৰা আৰু মানৱতাৰ মিলন : কেন্সাৰ ৰোগীক সহায়ৰ বাবে হুঁচৰি

ডিজিটেল ডেস্ক, ১৯ এপ্ৰিল : ​মুম্বাইৰ আকাশত এতিয়া বিহুৰ ঢোল-পেঁপাৰ মাত। ইয়াৰ মাজতে প্ৰবাসী অসমীয়া মহিলাৰ সংগঠন ‘গামখাৰু’-এ এক অনন্য উদ্দেশ্যৰে হুঁচৰি কাৰ্যসূচী আৰম্ভ কৰিছে।

​৪ ব’হাগৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত হুঁচৰি দলটিয়ে সদস্যসকলৰ ঘৰে ঘৰে গৈ হুঁচৰি গাই আশীৰ্বাদ প্ৰদান কৰে। এই হুঁচৰিৰ জৰিয়তে সংগ্ৰহ হোৱা সমস্ত বৰঙণি কেন্সাৰ ৰোগীৰ চিকিৎসাৰ বাবে আগবঢ়োৱা হ’ব।

​এই বৰ্ষত তেওঁলোকৰ সংস্থাই আৰ্থিকভাৱে পিছপৰা (BPL) শ্ৰেণীৰ দুগৰাকী মহিলাক তেওঁলোকৰ চিকিৎসাৰ বাবে বিশেষ আৰ্থিক সাহায্য প্ৰদান কৰাৰ সংকল্প লৈছে। এই সাহায্য মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পতালত তেওঁলোকৰ চিকিৎসাৰ বাবে ব্যয় কৰা হ’ব। লগতে এগৰাকী ছাত্ৰীক বছৰেকীয়া শিক্ষা বৃত্তি প্ৰদান কৰা হ’ব।

​বিহু হুঁচৰিৰ আশীৰ্বাদে যাতে কোনোবা অসহায় ৰোগীৰ জীৱনলৈ পোহৰ কঢ়িয়াই আনিব পাৰে, সেয়াই তেওঁলোকৰ মূল প্ৰয়াস।

You might also like