স্থানীয়ভাৱে উৎপাদিত শাক–পাচলি উভৈনদী হোৱাৰ পিছতো মহানগৰীৰ বজাৰত শাক–পাচলিৰ ঊর্ধ্বমুখী দামে জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে৷ উল্লেখ্য যে ৰাজ্যৰ খাৰুপেটীয়া, খৈৰাবাৰী, নগাঁও, বৰপেটা আদিকে ধৰি বিভিন্ন অঞ্চলত স্থানীয়ভাৱে বহু পৰিমাণে শাক–পাচলি সম্প্রতি উৎপাদন হৈ আছে৷
ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা কুইণ্টলে কুইণ্টলে শাক–পাচলি মহানগৰীৰ বজাৰলৈ আহিছে৷ আশ্চর্যজনকভাৱে পাইকাৰী বজাৰত পাচলিৰ দাম সুস্থিৰ হৈ আছে যদিও খুচুৰা বজাৰত দুগুণ–তিনিগুণ দৰত পাচলি ৰাইজে ক্রয় কৰিবলগীয়া হৈছে৷
খুচুৰা একাংশ ব্যৱসায়ীৰ মতে, এই দাম উৎসত বৃদ্ধি পাইছে যাৰ পৰিপ্রেক্ষিতত বজাৰত দাম বঢ়াবলগীয়া হৈছে৷ কিন্তু পাইকাৰী বজাৰৰ ব্যৱসায়ীৰ মতে, দুই–এক পাচলিক বাদ দি অধিকাংশ পাচলিৰ দাম বঢ়া নাই৷ পাইকাৰী শাক–পাচলি বজাৰৰ এটা সূত্রৰ পৰা জানিব পৰা মতে, বর্তমানে পটল পশ্চিমবংগৰ পৰা আৰু বিলাহী বমডিলাৰ পৰা আহি আছে৷
যাৰ বাবে পটল প্রতি কিলোগ্রামত ৫০ টকা হোৱাৰ লগতে বিলাহী ২০–২২ টকাকৈ পাইকাৰী বজাৰত উপলব্ধ হৈছে৷ একেদৰে মহানগৰীৰ পাইকাৰী বজাৰত প্রতি কিলোগ্রামত ফুলকবি ২৫–৩০ টকা, জিকা ৩০–৩৫ টকা, ভেণ্ডি ২০–৩০ টকা, বন্ধাকবি ২০–২৫ টকা, বিন ২৫–৩০ টকা, গাজৰ ৫০–৬০ টকা, স্কোৱাছ ১৫–২০ টকা, ভাতকেৰেলা ৫০ টকা, বেঙেনা ৫০ টকা, কেপচিকাম ৭০ টকা, মটৰ ৬০–৭০ টকাকৈ উপলব্ধ হৈছে৷
একেখিনি পাচলিয়ে মহানগৰীৰ খুচুৰা বজাৰত প্রকৃত দামতকৈ অধিক দামত বিক্রী হৈ থকা দেখা গৈছে৷ মহানগৰীৰ অধিকাংশ খুচুৰা বজাৰত প্রতি কিলোগ্রামত ফুলকবি ৮০ টকা, জিকা ৬০–৮০ টকা, ভেণ্ডি ৫০–৭০ টকা, বিলাহী ৫০–৬০ টকা, বন্ধাকবি ৪০–৬০ টকা, বিন ৬০–৭০ টকা, গাজৰ ৮০ টকা, স্কোৱাছ ৩০–৪০ টকা, পটল–ভাতকেৰেলা ৮০–১০০ টকা, বেঙেনা ৮০ টকা, কেপচিকাম ১২০–১৩০ টকা, মটৰ ১০০ টকাকৈ বিক্রী হৈ আছে৷
অৱশ্যে মহানগৰীৰ ঠাইভেদে এই দামৰ তাৰতম্য ঘটিব পাৰে৷ ভালদৰে যদি চোৱা যায় তেন্তে পাইকাৰী বজাৰৰ তুলনাত কেইবাগুণ অধিক দৰত খুচুৰা বজাৰত পাচলি বিক্রী হৈ আছে৷ মন কৰিবলগা যে ৰাজ্যৰ বিভিন্ন প্রান্তত বহু কৃষকে নিজৰ উৎপাদিত ফচলৰ উচিত মূল্য নাপাই হতাশাত ভুগিবলগীয়া হৈছে৷
তাৰ পিছতে মধ্যভোগীৰ দৌৰাত্ম্য তথা একাংশ অসাধু ব্যৱসায়ীৰ একছত্রী ব্যৱসায়ৰ বাবে জনসাধাৰণে দুর্ভোগ ভুগিবলগীয়া হৈছে৷ স্থানীয়ভাৱে উৎপাদন ঠিকে থকাৰ পিছতো এই দাম বৃদ্ধিৰ আঁৰত কি ৰহস্য আছে তাক লৈ উদ্বেগ প্রকাশ কৰিছে সচেতন লোকে৷ এইক্ষেত্রত কৃষি তথা যোগান বিভাগক ব্যৱস্থা গ্রহণৰো আহ্বান জনাইছে ৰাইজে৷
পাইকাৰী দাম খুচুৰা দাম
(প্রতি কিলোগ্রাম) (প্রতি কিলোগ্রাম)
১৷ ফুলকবি – ২৫–৩০ টকা ৮০ টকা
২৷ জিকা – ৩০–৩৫ টকা ৬০–৮০ টকা
৩৷ ভেণ্ডি – ২০–৩০ টকা ৫০–৭০ টকা
৪৷ বিলাহী – ২০–২২ টকা ৫০–৬০ টকা
৫৷ বন্ধাকবি – ২০–২৫ টকা ৪০–৬০ টকা
৬৷ বিন – ২৫–৩০ টকা ৬০–৭০ টকা
৭৷ গাজৰ – ৫০–৬০ টকা ৮০ টকা
৮৷ স্কোৱাছ – ১৫–২০ টকা ৩০–৪০ টকা
৯৷ পটল – ৫০ টকা ৮০–১০০ টকা
১০৷ ভাতকেৰেলা – ৫০ টকা ৮০–১০০ টকা
১১৷ বেঙেনা – ৫০ টকা ৮০ টকা
১২৷ কেপচিকাম – ৭০ টকা ১২০–১৩০ টকা
১৩৷ মটৰ – ৬০–৭০ টকা ১০০ টকা
ডিজিটেল ডেস্ক, ২০ এপ্ৰিল