নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন চৰকাৰ গঠন সম্পৰ্কে বিশেষ মন্তব্য ড০ হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে নতুন চৰকাৰ গঠনৰ তাৰিখ আগন্তুক এদিন বা দুদিনৰ ভিতৰত নিৰ্ধাৰণ কৰা হ’ব। বিজেপি নেতৃত্বাধীন এনডিএই অসমত ১২৬ আসনৰ বিধানসভাত ৰেকৰ্ড ১০২টা আসন লাভ কৰি এক ঐতিহাসিক জয় লাভ কৰাৰ পিছত এতিয়া সকলোৰে মনত একেটা প্ৰশ্ন—নতুন চৰকাৰে কেতিয়া শপত ল’ব?

চৰকাৰ গঠনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ নিৰ্দিষ্ট তাৰিখ আৰু সময় আগন্তুক ২-৩ দিনৰ ভিতৰত চূড়ান্ত কৰা হ’ব। তেওঁ জনায় যে এই সময়সূচী দলৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে সমন্বয় সাধন কৰি নিৰ্ধাৰণ কৰা হ’ব।

ড০ শৰ্মাই কয়, “এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ জৰিয়তে চৰকাৰ গঠনৰ কাম আগবাঢ়ে। প্ৰথমে বিজেপিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰা হ’ব, তাৰ পিছত তেওঁক মিত্ৰজোঁটৰ নেতা হিচাপে মনোনীত কৰা হ’ব। তাৰ পাছত ৰাজ্যপালৰ সৈতে সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনোৱা হ’ব। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো এদিন বা দুদিনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।”

উল্লেখযোগ্য যে, ২০২১ চনত ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ সময়ত কোভিড-১৯ৰ বিধিনিষেধৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল।

যদিও চৰকাৰ গঠনৰ এক নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে, তথাপি ৰাজনৈতিক মহলে ইতিমধ্যে স্পষ্ট কৰি দিছে যে নিৰ্বাচনত নেতৃত্ব আগবঢ়াই এনডিএক বৃহৎ জয় প্ৰদান কৰা ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

ডিজিটেল ডেস্ক, ৫ মে’

You might also like