নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২১ মে’, জেঠ মাহৰ ৬ তাৰিখ
বৃহস্পতিবাৰ : তিথি–শুক্লা পঞ্চমী, নক্ষত্র : অশ্বিনী, যাত্রা : মধ্যম

মেষ : আজি কর্মস্থানত শুভ যোগ৷ ৰাজনীতিৰ লগত জড়িত ব্যক্তিয়ে বলিষ্ঠ পদক্ষেপ ল’ব পাৰিব৷ পাৰিবাৰিক দিশত মধ্যম৷ বিদ্যাত শুভ৷ শুভ ৰং– মেৰুণ, শুভ সংখ্যা– ৩৷

বৃষ : আজি মাটি-সম্পত্তি ক্রয় কৰিব পাৰিব৷ ব্যৱসায়ত মধ্যম৷ বিদ্যাত বাধাৰ সন্মুখীন হ’ব পাৰে৷ পৰিৱেশ অস্থিৰ৷ প্রেমত বুজাবুজিৰ অভাৱ৷ শুভ ৰং– নীলা, শুভ সংখ্যা– ৬৷

মিথুন : আজি পুৰণি ৰোগে কষ্ট দিব পাৰে৷ কর্মত মধ্যম৷ ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ শুভ৷ ভ্রমণৰ যোগ৷ মাটি–বাৰীৰ লেঠা শেষ হ’ব৷ শুভ ৰং– ছিলভাৰ, শুভ সংখ্যা– ২৷

কর্কট : আজি কর্মস্থানত সাৱধান হওক৷ বন্ধুৰ পৰা আঁতৰত থাকক৷ হাতলৈ ধনৰ আগমন হ’ব৷ হতাশা দূৰ হ’ব৷ প্রেমত মধ্যম৷ শুভ ৰং– বগা, শুভ সংখ্যা– ১৷

সিংহ : আজি পাৰিবাৰিক কিছু সমস্যা থাকিব৷ কর্মত শুভ৷ ব্যৱসায়ত লোকচানৰ সম্ভাৱনা৷ শৰীৰ দুর্বল৷ প্রেমত মধ্যম ফল৷ শুভ ৰং– হালধীয়া, শুভ সংখ্যা– ৫৷

কন্যা : আজি নতুন কর্মসংস্থাপনৰ বাট মুকলি হ’ব৷ ওচৰ–চুবুৰীয়াৰ লগত মিলিজুলি থাকিব৷ বিদ্যাত মধ্যম ফল৷ শৰীৰ অশুভ৷ প্রেমত জটিলতা হ’ব পাৰে৷ শুভ ৰং– ক’লা, শুভ সংখ্যা– ৩৷

তুলা : আজি বন্ধুৰ দ্বাৰা উপকৃত হ’ব৷ আনক সহায় কৰি আনন্দিত হ’ব৷ আর্থিক দিশত শুভ৷ সন্তানৰ শুভ কর্মত সন্মান বৃদ্ধি৷ দাম্পত্যত শুভ৷ শুভ ৰং– সেউজীয়া, শুভ সংখ্যা– ৮৷

বৃশ্চিক : আজি কর্মস্থানত নীৰৱতা অৱলম্বন কৰক৷ সামাজিক স্থিতি উন্নত৷ পাৰিবাৰিক উৎকণ্ঠা বৃদ্ধি৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ প্রেমত শুভ৷ শুভ ৰং– ক্রীম, শুভ সংখ্যা– ৪৷

ধনু : আজি বিদ্যাৰ প্রতি নজৰ দিব৷ শাৰীৰিক মধ্যম৷ মনৰ অস্থিৰতা দূৰ কৰক৷ বন্ধুৰ পৰা লাভ হ’ব৷ আর্থিকত শুভ৷ শুভ ৰং– ৰঙা, শুভ সংখ্যা– ৯৷

মকৰ : আজি কোনো প্রভাৱশালী ব্যক্তিৰ ফলত পদোন্নতি হ’ব৷ শৰীৰৰ প্রতি যত্ন ৰাখক৷ যান–বাহনৰ পৰা সাৱধান৷ প্রেমত বাধা৷ শুভ ৰং– কমলা, শুভ সংখ্যা–৭৷

কুম্ভ : আজি কর্মস্থানত ব্যস্ততা বাঢ়িব৷ মাটি, গাড়ী ক্রয় কৰিব পাৰিব৷ দাম্পত্যত মধ্যম৷ মানসিক চিন্তাৰ পৰা আঁতৰত থাকক৷ সন্মান বৃদ্ধিৰ যোগ৷ শুভ ৰং– গুলপীয়া, শুভ সংখ্যা– ৬৷

মীন : আজি ধর্মস্থান ভ্রমণ কৰিব পাৰিব৷ বিদ্যাত শুভ৷ পাৰিবাৰিক মধ্যম ফল৷ মনৰ দৃঢ়তা ৰাখক৷ আর্থিক দিশত উন্নতি৷ শুভ ৰং– বেঙুনীয়া, শুভ সংখ্যা– ৩৷

You might also like