সম্পাদকীয় : শিক্ষা মিছন
শিক্ষা ব্যৱস্থাটোক উন্নত কৰিবলৈ চৰকাৰে বহু পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে৷ বিশেষকৈ শিক্ষাৰ মান উন্নত কৰিবলৈ চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, শিক্ষক সম্পর্কীয় পদক্ষেপ, শৈক্ষিক মান উন্নয়ন, ছাত্র কল্যাণমূলক আঁচনি, প্রশাসনিক সংস্কাৰৰ বাবে বহুখিনি কাম ইতিমধ্যে কৰিছে৷ প্রতিটো সমষ্টিতে ১–২খনকৈ আদর্শ বিদ্যালয় গঢ়ি তুলিছে৷ বহু বিদ্যালয়ত স্মার্টক্লাছ, বিজ্ঞানাগাৰ, কম্পিউটাৰ লেব, খেলপথাৰ, পকী শৌচাগাৰপর্যন্ত নির্মাণ কৰিছে৷ কেন্দ্রীয় চৰকাৰৰ আঁচনিৰ অধীনত অসমত প্রায় ৫০০তকৈ অধিক স্কুলক পিএমশ্রী হিচাপে বাছনি কৰিছে৷ তেনে বিদ্যালয়ে ২ কোটিপর্যন্ত আন্তঃগাঁথনিৰ বাবে পুঁজি লাভ কৰিছে৷ পুৰণি, জৰাজীর্ণ স্কুলঘৰ ভাঙি নতুনকৈ নির্মাণ কৰিছে৷ তদুপৰি শিক্ষাৰ মান উন্নত কৰিবলৈ প্রতি বছৰে সকলো চৰকাৰী বিদ্যালয়ৰ মূল্যায়ন হৈছে৷ এ, বি, চি, ডি গ্রেড দিয়া হৈছে৷ সর্বনিম্ন গ্রেড পোৱা বিদ্যালয়ৰ শিক্ষকক বিশেষ প্রশিক্ষণ দিয়া হয় আৰু ভাল ফলাফল লাভ কৰা বিদ্যালয়ক পুৰস্কাৰ প্রদান কৰা হয়৷ ইয়াৰ উপৰি টেটৰ দ্বাৰা উপযুক্ত আৰু মেধা শিক্ষকক নিযুক্তি, সকলো প্রাথমিক শিক্ষকক নতুন শিক্ষণ পদ্ধতি, আইচিটিৰ ব্যৱহাৰৰ ওপৰত প্রশিক্ষণ দিছে, শিক্ষকৰ উপস্থিতি নিয়মীয়াকৰণৰ বাবে শিক্ষাসেতু এপৰ জৰিয়তে শিক্ষকৰ দৈনিক উপস্থিতি মনিটৰো কৰা হৈছে৷ ইংৰাজী শিক্ষা, ডিজিটেল শিক্ষাৰ উপৰি মূল্যায়নৰ পদ্ধতিও সলনি কৰিছে৷ ছাত্র–ছাত্রীসকলৰ বাবে মধ্যাহ্ণ ভোজন, বিনামূলীয়া পাঠ্যপুথি, ইউনিফর্ম, অনুপ্রেৰণা আঁচনিও গ্রহণ কৰিছে৷ ইমানৰ পিছতো চৰকাৰী বিদ্যালয়ৰ যি ধৰণৰ জয়জয়–ময়ময় পৰিৱেশৰ সৃষ্টি হ’ব লাগিছিল, তেনে পৰিৱেশ সৃষ্টি হোৱা নাই৷ এতিয়াও বহু অভিভাৱকে চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়কেই বিশ্বাস কৰে৷ সেইবাবে এটা অঞ্চলত এখন চৰকাৰী বিদ্যালয়ৰ বিপৰীতে বহুকেইখন ব্যক্তিগত বিদ্যালয় গঢ় লৈ উঠিছে৷ সেই ব্যক্তিগত বিদ্যালয়সমূহত শিক্ষার্থীৰ সংখ্যাও বেছি৷ কিয় শিক্ষার্থীৰ সংখ্যা বেছি এই সম্পর্কে বিশ্লেষণ কৰাৰ প্রয়োজন আছে৷ চৰকাৰী ইমানবোৰ সা–সুবিধা, আঁচনি থকাৰ পিছতো কিয় অভিভাৱকসকল চৰকাৰী বিদ্যালয়ৰ প্রতি আকর্ষিত হোৱা নাই৷ আগন্তুক ৫ বছৰত নতুন চৰকাৰে এই সকলোবোৰ দিশ বিশ্লেষণ কৰি অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ উজলাহ তুলিব লাগিব৷ মাতৃভাষা শিশুৰ প্রথম–প্রধান শিক্ষাৰ মাধ্যম৷
UNESCOৰ গৱেষণায়ো কয়– প্রাথমিক স্তৰত মাতৃভাষাত শিক্ষা ল’লে শিশুৰ বৌদ্ধিক বিকাশ দ্রুত হয়৷ অসমীয়া মাধ্যমৰ বিদ্যালয়ে অসমৰ সামাজিক–সাংস্কৃতিক পৰিচয় জীয়াই ৰখাৰ লগতে শিক্ষার্থীৰ সর্বাংগীণ বিকাশত গুৰুত্বপূর্ণ ভূমিকা লয়৷ ইয়াৰ বাবে শিক্ষকৰো গুৰুত্ব অধিক৷ শিক্ষকে কেৱল পাঠ এটা ভালদৰে শেষ কৰিলেই দায়িত্ব শেষ হৈ নাযায়৷ পাঠৰ সমান্তৰালকৈ শিশুৱে সেই বিষয়টো ভাল পাইছেনে নাইবা ভাল লগাকৈ শিকাব পাৰিছে নে নাই, তাত গুৰুত্ব দিয়া প্রয়োজন৷ নিজৰ ভাষাটোক ভাল পাবলৈ, অসমীয়া ভাষা কোৱা, লিখাৰ অভ্যাসৰ বাবে যিমান পাৰি সিমান উৎসাহ দিব লাগে, প্রযুক্তিৰ সৈতে ফেৰ মাৰিবলৈ সকলো স্কুলতে স্মার্টক্লাছৰ ব্যৱস্থা থাকিব লাগে৷ কম্পিউটাৰ শিক্ষাত অধিক গুৰুত্ব দিব লাগে৷ তাৰ বাবে শিক্ষকৰ সমান্তৰালকৈ চৰকাৰৰো দায়িত্ব থাকিব যে প্রতিখন বিদ্যালয়ত আন্তঃগাঁথনিৰ সা–সুবিধা যাতে কম নহয় ৷ প্রতিখন বিদ্যালয়তে ডিজিটেল ব’ৰ্ডৰ সুবিধা, কম্পিউটাৰ লেব, ইণ্টাৰনেটৰ ব্যৱস্থা, পুথিভঁৰাল, বিজ্ঞানাগাৰ, পকীঘৰ, শৌচাগাৰ, খোৱাপানীৰ ব্যৱস্থা সকলো বিদ্যালয়তে যাতে থাকে, তাৰ ব্যৱস্থা কৰিব লাগে৷ এটা কথা সঁচা, দীর্ঘদিনীয়া অভিযোগ– চৰকাৰী বিদ্যালয়ত ভালদৰে নপঢ়ায়, চৰকাৰী বিদ্যালয় বেয়া বুলি যি ধাৰণা অভিভাৱকৰ মনত আছে, সেই ধাৰণা কম সময়ত শেষ কৰা সম্ভৱ নহয়, তাৰ বাবে সময়ৰ প্রয়োজন হ’ব৷ আনফালে ইংৰাজীৰ মোহ অভিভাৱকে এৰিব নোৱাৰে৷ ইংৰাজী নাজানিলে নিজৰ সন্তান বহুখিনি পিছপৰি যাব বুলিও বহুতৰ মনত এক ধাৰণা আছে৷ সেয়ে চৰকাৰে কেৱল বিল্ডিং বনাই দায়িত্ব সামৰিলেই নহ’ব, হেৰুওৱা বিশ্বাসখিনিও ঘূৰাই আনিব লাগিব৷ শিক্ষকক যিমান পাৰি সিমান অন্য কামৰ পৰা আঁতৰাই ৰখা উচিত৷ তেওঁলোকক শ্রেণীকোঠাত মনোযোগ দিয়াৰ বাবে সময় দিব লাগে৷ অভিভাৱকসকলক যিমান পাৰে সিমান স্কুলৰ অংশীদাৰ কৰিব লাগে৷ প্রতি মাহৰ এটা দিনত ‘অভিভাৱক দিন’ অনুষ্ঠিত কৰি মাহটোত শিক্ষার্থীয়ে কি নতুন শিকিলে, তাৰ বিষয়ে অভিভাৱকক অৱগত কৰিব লাগে৷ মুঠতে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান জিলিকিবলৈ শিক্ষক, চৰকাৰ, অভিভাৱক সকলো সজাগ আৰু সচেতন হ’ব লাগিব৷ দায়বদ্ধতাৰে নিজৰ দায়িত্ব পালন কৰিব লাগিব৷ নিজৰ কাষৰ চৰকাৰী বিদ্যালয়খনক ‘দুখীয়া ল’ৰা–ছোৱালীৰ’ বিদ্যালয় বুলি ভবাতকৈ ‘আমাৰ স্কুল’ বুলি ভাবিব পাৰিব লাগিব৷ তেতিয়াহে চৰকাৰী স্কুলৰ ভাল দিন আহিব৷ সর্বশেষত চৰকাৰে আগন্তুক সময়ত শিক্ষাক মিছন হিচাপে লৈ আৰু অধিক কাম কৰা প্রয়োজন আছে৷