পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা বুৰহান নিহত
ডিজিটেল ডেস্ক, ২১ মে’ : দেশ কঁপাই যোৱা পুলৱামা আক্ৰমণৰ অন্যতম মূল চক্ৰান্তকাৰী বুলি অভিযুক্ত সন্ত্ৰাসবাদী হামজা বুৰহানক পাকিস্তান অধিকৃত কাশ্মীৰত গুলীয়াই হত্যা কৰা হৈছে। বাতৰি অনুসৰি, মুজাফ্ফৰাবাদত অজ্ঞাত আততায়ীয়ে হামজা বুৰহানক লক্ষ্য কৰি গুলীচালনা কৰে আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়।
জানিব পৰা মতে, হামজা বুৰহান পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী নেটৱৰ্কৰ সৈতে জড়িত আছিল আৰু পুলৱামা আক্ৰমণৰ ষড়যন্ত্ৰত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল বুলি প্ৰকাশ। ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰত সংঘটিত আত্মঘাতী আক্ৰমণত চি আৰ পি এফৰ ৪০জন জোৱান শ্বহীদ হৈছিল। উল্লেখযোগ্য যে ২০১৯ চনত সংঘটিত পুলৱামা আক্ৰমণত জইচ-ঈ-মহম্মদৰ সন্ত্ৰাসবাদী আদিল আহমেদ ডাৰে বিস্ফোৰকভৰ্তি বাহন লৈ চি আৰ পি এফৰ কনভয়ত আক্ৰমণ চলাইছিল। এই আক্ৰমণে সমগ্ৰ দেশক জোকাৰি তুলিছিল। ইয়াৰ পিছতে ভাৰতে এয়াৰষ্ট্ৰাইক চলাই সন্ত্ৰাসবাদীৰ ঘাটিসমূহত আক্ৰমণ কৰিছিল।
মুজাফ্ফৰাবাদত হামজা বুৰহানক লক্ষ্য কৰি গুলীচালনাৰ ঘটনাৰ পিছত অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে যদিও আততায়ীৰ পৰিচয় অথবা এই হত্যাকাণ্ডৰ আঁৰৰ কাৰণ সন্দৰ্ভত এতিয়াও স্পষ্ট তথ্য প্ৰকাশ পোৱা নাই।
উল্লেখযোগ্য যে হামজা বুৰহানৰ প্ৰকৃত নাম আছিল অৰ্জুমন্দ গুলজাৰ ডাৰ। ২০১৯ চনত পুলৱামাত সংঘটিত আক্ৰমণৰ তেওঁ অন্যতম মূল চক্ৰান্তকাৰী আছিল বুলি অভিযোগ উঠিছিল। ২০২২ চনত ভাৰত চৰকাৰে ইউএপিএৰ অধীনত অৰ্জুমন্দ গুলজাৰ ডাৰ ওৰফে হামজা বুৰহানক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল।
হামজা বুৰহানে ২০১৫ চনৰ পৰা পাকিস্তানত বাস কৰি আছিল আৰু আল বদৰৰ কমাণ্ডাৰ হিচাপে কাম কৰাৰ লগতে সন্ত্ৰাসবাদী নিয়োগ কাৰ্যতো জড়িত আছিল।