নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঈদৰ আগে আগে ধুবুৰীৰ বালি চাপৰিত উদ্ধাৰ গৰাকীবিহীন গো-ধন

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২২ মে’ : আগন্তুক ঈদ-উল-আজহাৰ আগে আগে আজি ধুবুৰী চহৰৰ পৰা সামান্য নিলগৰ বৰলুইতৰ মাজৰ এটা সৰু বালি চাপৰিত অভিযান চলাই ধুবুৰী আৰক্ষীৰ এটি দলে গৰাকীবিহীন চাৰিটাকৈ গো-ধন উদ্ধাৰ কৰে।

ধুবুৰী চহৰৰ বৰলুইতৰ পাৰৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুৰী পাৰঘাটৰ পৰা কিছু নিলগৰ সেই সৰু চাপৰিটোত আজি পুৱা আৰক্ষীৰ দলে এখন ইঞ্জিনচালিত বোটেৰে উপস্থিত হৈ গৰুকেইটা উদ্ধাৰ কৰে। তাৎপৰ্যপৰ্ণভাৱে, চাৰিওদিশে বৰলুইতৰ পানীৰে আৱৰি থকা সেই মানৱহীন চাপৰিটোত গৰুকেইটা কেনেকৈ আহিল বা কিয় অনা হ’ল সেয়া এক প্ৰশ্ন হৈ দেখা দিছে আৰু আৰক্ষীৰ তদন্ত সকলো উন্মোচিত হ’ব বুলি আশা কৰা হৈছে।

You might also like