নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ কোৱেটাত ভয়ংকৰ বিস্ফোৰণত ২৪জন নিহত, আহত অৰ্ধশতাধিক

ডিজিটেল ডেস্ক, ২৪ মে’ : পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কোৱেটা প্ৰদেশত পুনৰ বিদ্ৰোহীৰ লক্ষ্য হৈ পৰিল জাফৰ এক্সপ্ৰেছ। দেওবাৰে কোৱেটাৰ চমন ফাটকৰ ওচৰত এখন যাত্ৰীবাহী ৰে’লত আত্মঘাতী বোমা বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ ফলত ৰে’লখনৰ কেইবাটাও দবা ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই ঘটনাত অন্তত ২৪ জনৰ মৃত্যু হৈছে। লগতে ৫০জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হয়।

এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচিস্তান লিবাৰেচন আৰ্মী (বিএলএ)য়ে। সূত্ৰ অনুসৰি, ৰে’লখন কোৱেটাৰ কেণ্টনমেণ্টৰ পৰা সেনা জোৱানক লৈ গৈ আছিল আৰু মূলত: সেই দবাসমূহক লক্ষ্য কৰিয়েই আক্ৰমণ চলোৱা হয়। এই ৰে’লখনেৰে সামৰিক বাহিনীৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে আগন্তুক ঈদৰ বাবে কোৱেটা কেণ্টনমেণ্টৰ পৰা পেছোৱাৰ অভিমুখে যাত্ৰা কৰিছিল। কোৱেটা আৰক্ষীয়ে জনাইছে যে বিস্ফোৰণত এটা দবা সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে। কেইবাটাও দবাত অগ্নিকাণ্ডও সংঘটিত হয়। এই আক্ৰমণত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

প্ৰাথমিকভাৱে জানিব পৰা মতে, দেওবাৰে পুৱা ট্ৰেইনখন কোৱেটা কেণ্টনমেণ্টৰ পৰা পাক জোৱানসকলক লৈ ৰাওনা হৈছিল। চমন ফাটক ষ্টেচনৰ ওচৰত পাওঁতেই বিপুল পৰিমাণ বিস্ফোৰকভৰ্তি এখন গাড়ীয়ে ট্ৰেইনখনত গৈ খুন্দা মাৰে। তাৰ পিছতেই এক ভয়ংকৰ বিস্ফোৰণে সমগ্ৰ এলেকা কঁপাই তোলে। ট্ৰেইনখন লাইনচ্যুত হৈ যায়। বিস্ফোৰণৰ পিছতে বৃহৎ অঞ্চলজুৰি অগ্নিকাণ্ড সংঘটিত হয়। ক’লা ধোঁৱাই ঢাকি পেলায় সমগ্ৰ এলেকা। আশে-পাশে থকা বহু ঘৰ আৰু বাহন ক্ষতিগ্ৰস্ত হয়। খবৰ পাই তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল। ঘটনাত এতিয়ালৈকে ২৪ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। আহত হৈছে প্ৰায় ৫০ জন লোক। তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিন্তু মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

You might also like