নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যত বাঘৰ উপস্থিতি

ডিজিটেল ডেস্ক, ২৪ মে’ : জোনাইৰ প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যত বাঘৰ উপস্থিতিৰ খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে, জোনাইৰ প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যৰ তিনিমাইল বীটখণ্ডত নিয়মিত টহলদাৰীৰ সময়ত বনৰক্ষী টহলদাৰী দলে বিভিন্ন স্থানত বাঘৰ খোজৰ চিহ্ন প্ৰত্যক্ষ কৰে।

বন বিভাগৰ মতে, কেইবাটাও প্ৰাপ্তবয়স্ক বাঘৰ লগতে এটা পোৱালি বাঘৰো খোজৰ চিহ্ন দেখা গৈছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ইয়াৰ উপৰি কিছুদিন পূৰ্বে বনাঞ্চলখনৰ কাষৰীয়া ঐৰামঘাট অঞ্চলৰ বিভিন্ন চৰ-চাপৰিত বাঘে আতংক সৃষ্টি কৰাৰ লগতে গো-ধন নিধন কৰাৰ ঘটনাও সংঘটিত হোৱা বুলি জোনাই বন বিভাগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

সেয়ে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পবা বনাঞ্চললৈ অহা পৰ্যটক আৰু বনাঞ্চলৰ দাঁতিকাষৰীয়া গাঁওসমূহৰ ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে জোনাই বন বিভাগে।

You might also like