জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যু গোচৰক কেন্দ্ৰ কৰি গুৱাহাটীৰ বিশেষ ফাষ্ট-ট্ৰেক আদালতে আজি গ্ৰেপ্তাৰ হোৱা সাতজন অভিযুক্তৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে চাৰ্জ ফ্ৰেম গঠন কৰে।
বিচাৰপতি শৰ্মিলা ভূঞাৰ ফাষ্ট-ট্ৰেক আদালতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, ড্ৰামাৰ শেখৰজ্যোতি গোস্বামী, সহঃশিল্পী অমৃতপ্ৰভা মহন্ত, এপিএছ বিষয়া তথা জুবিন গাৰ্গৰ আত্মীয় সন্দীপন গাৰ্গ আৰু দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম গঠন কৰে।
উল্লেখযোগ্য যে, অসম আৰক্ষীৰ Criminal Investigation Departmentৰ বিশেষ তদন্তকাৰী দল (SIT)-এ বিগত বৰ্ষৰ ডিচেম্বৰ মাহত আদালতত দাখিল কৰা অভিযোগপত্ৰৰ ভিত্তিত এই চাৰ্জ ফ্ৰেম গঠন কৰা হৈছে।
আদালতে আজি বিচাৰৰ বাবে প্ৰযোজ্য অভিযোগসমূহ চূড়ান্ত কৰে। ৰাজ্য চৰকাৰ নিযুক্ত বিশেষ চৰকাৰী অভিবক্তা জিয়াউৰ কামাৰে জনোৱা মতে, ৮ জুনৰ পৰা আদালতে দৈনিক সম্পূৰ্ণ শুনানি আৰম্ভ কৰিব। সেই সময়ৰ পৰা সাক্ষীসকলৰ বক্তব্য লিপিবদ্ধ কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ হ’ব।
এই বহুচৰ্চিত গোচৰটোক লৈ ৰাজ্যজুৰি ব্যাপক আগ্ৰহ অব্যাহত আছে।