নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ বৃহস্পতিবাৰে নিশা মৃত্যু হোৱা অসমৰ প্ৰথমজন ক’ৰোনা আক্ৰান্ত ৰোগীৰ জানাজা সম্পন্ন হয় শুকুৰবাৰে । নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতাৰ পাচতে আক্ৰান্ত হোৱা ফাইজুল হক বৰভূঞাক ভৰ্তি কৰোৱা হৈছিল শিলচৰ মেডিকেল কলেজ হাস্পতালত । হাইলাকান্দি চহৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগৰ ৰাখাল বস্তি অঞ্চলত তেওঁৰ জানাজা সম্পূৰ্ণ হয় শুকুৰবাৰে । চিকিতসাকৰ্মীৰ দৰে ফাইজুল হকৰ মৃতদেহ বিশ্বমানৰ এয়াৰ টাই তিনি লেয়াৰ যুক্ত বডি বেগত ভৰাই ৰাখাল বস্তিৰ জনশূন্য এলেকালৈ লৈ যায় । সম্পূৰ্ণ ইছলামিক ৰীতি-নীতিৰ মাজেৰে সম্পন্ন হোৱা জানাজাত ফাইজুল হকৰ আত্মীয় আৰু কেইগৰাকীমান বন্ধু-বৰ্গ সামাজিক দূৰত্ব বৰ্তাই উপস্থিত থাকে । স্থানীয় এজন মৌলবীয়ে জানাজাৰ নামাজ পঢ়াৰ পাচত কবৰ দিয়া হয় বৰভূঞাক ।
‘