নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰ : শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ডিজিটেল ডেস্ক, ২৯ মে’ : গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি (২৯ মে’) জুবিন গাৰ্গ মৃত্যুকাণ্ডৰ গোচৰত জড়িত থকা শ্যামকানু মহন্তই দাখিল কৰা জামিন আবেদন নাকচ কৰে। শ্যামকানু মহন্তৰ অধিবক্তাসকলে দাখিল কৰা জামিন আবেদনৰ শুনানি ২২ মে’ত গ্ৰহণ কৰা একক বিচাৰপীঠে আজিৰ বাবে ৰায় সংৰক্ষণ কৰি ৰাখিছিল।

২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জনপ্ৰিয় শিল্পীগৰাকীৰ কৰুণ মৃত্যুৰ ঘটনাত বিশেষ ফাষ্টট্ৰেক আদালতে পূৰ্বে তেওঁৰ জামিন আবেদন নাকচ কৰাৰ পিছত মহন্তই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। শুকুৰবাৰে ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ একক বিচাৰপীঠে এই জামিন আবেদনখনো নাকচ কৰে।

You might also like