বিগত এমাহ ধৰি চিকিৎসালয়ৰ বিচনাত জীৱন মৰণৰ সৈতে যুঁজ দি আছে এগৰাকী ১৪ বছৰীয়া কিশোৰ৷ উল্লেখযোগ্যযে বজালী জিলাৰ কঁঠালমূৰীঘাট গাঁও নিৱাসী অপূৰ্ব তালুকদাৰ আৰু মিনু তালুকদাৰৰ একমাত্ৰ সন্তান পাঠশালাৰ হৰিপুৰস্থিত খ্ৰীষ্টজ্যোতি স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ মনদ্বীপ তালুকদাৰ বৰ্তমান চেন্নাইৰ এপল’ হস্পিতালৰ বিচনাত এক জটিল ৰোগৰ সৈতে যুঁজি আছে।
বিগত ৯ মাহে পুত্ৰৰ জটিল চিকিৎসাৰ ব্যয় বহন কৰোঁতে কৰোঁতে সৰ্বস্বান্ত হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটি। মনদ্বীপৰ পিতৃ অপূৰ্ব তালুকদাৰ বৃত্তিত এগৰাকী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক যদিও চিকিৎসালয়ৰ গধুৰ খৰচ বহন কৰি সম্প্ৰতি অৰ্থৰ অভাৱত দিশহাৰা হৈ পৰিছে৷
উপায়ন্তৰ হৈ এতিয়া অপূৰ্ব তালুকদাৰ আৰু মাতৃ মিনু তালুকদাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত একমাত্ৰ পুত্ৰৰ জীৱন ভিক্ষা মাগি সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে। এটি নিষ্পাপ জীৱনক অকালতে মৰহি যোৱাৰ পৰা ৰক্ষা কৰিবলৈ আৰু এই নিষ্পাপ কিশোৰটিৰ চিকিৎসাৰ উদ্দেশ্যে দানশীল ব্যক্তিৰ পৰা সহায় বিচাৰি অনুৰোধ জনাইছে পিতৃ মাতৃয়ে৷ যদি কোনাবা ব্যক্তিয়ে কিশোৰগৰাকীক চিকিৎসাৰ বাবে সহায় আগবঢ়াব বিচাৰে তেন্তে তলৰ একাউন্টযোগে সহায়ৰ হাত আগবঢ়াব পাৰিব৷ একাউন্টটো হৈছে-
A/C Name: Minu Kalita Talukdar
Bank Name: Indian overseas Bank, Pathsala Branch
Account Number: 342601000014230
IFS Code: IOBA0003426
নিয়মীয়া বাৰ্তা, পাঠশালা, ২৯ মে’