বিশেষ বাৰ্তা, গহপুৰ, ২৯ মে’ : চাইবাৰ ক্ৰাইম ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে বিভিন্ন কৌশল আৰু তৎপৰতা অৱলম্বন কৰি আহিছে যদিও এতিয়াও ঠায়ে ঠায়ে সংঘটিত হৈ আছে চাইবাৰ চক্ৰই ঠগ-প্ৰৱঞ্চনাৰে ধন লুট কৰি নিয়াৰ ঘটনা। বিশ্বনাথ জিলাৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পুৰূপবাৰীৰ প্ৰাঞ্জল নগৰৰ গোপাল চন্দ্ৰ পাল নামৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ বেংক একাউণ্টৰ পৰা মুঠ প্ৰায় ১,৮০,৮৯৪ টকা চাইবাৰ অপৰাধীয়ে উঠাই নিয়াৰ এক ভয়ংকৰ ঘটনা শেহতীয়াভাৱে পোহৰলৈ আহিছে।
এইক্ষেত্ৰত গোপাল চন্দ্ৰ পালে জানিবলৈ দিয়া মতে, ইউকো বেংকৰ গহপুৰ শাখাত থকা তেওঁৰ বেংক একাউণ্টৰ পৰা যোৱা ২৭ মে’ আৰু ২৮ মে’ত কেইবাটাও কিস্তিত উক্ত ধনৰাশি উলিয়াই নিয়ে চাইবাৰ অপৰাধীয়ে। ডিজিটেল পদ্ধতিৰ বিষয়ে বিশেষ জ্ঞান নথকা ক্ষুদ্ৰ ব্যৱসায়ী গোপাল চন্দ্ৰ পালে তেওঁৰ বেংক পাছবুক আপ-টু-ডেট কৰোঁতে তেওঁৰ উক্ত বেংক একাউণ্টৰ পৰা ধন নাইকিয়া হৈ পৰাৰ তথ্য লাভ কৰাৰ পিছত আচৰিত হৈ পৰে তেওঁ।
তথ্য অনুসৰি, যোৱা ২৭ মে’ত ২৯,৯৯৯ টকা, ৪৯,৯৯৯ টকা, ৯,৯৯৯ টকা আৰু ৯,৯৯৮ টকা মুঠ চাৰিটা কিস্তিত ধন উঠাই নিয়ে চাইবাৰ অপৰাধীয়ে। ইয়াৰ পিছত ২৮ মে’ত ২০,০০০ টকা, ৯৯৮ টকা, ৪৮৯৯ টকা, ৯৯৯৯টকা, ৯৯৯৯ টকা, ৯৯৯৯ টকা, ৫০০০ টকা, ৯৯৯৯ টকা আৰু ৯৯৯৮ টকা উঠাই নিয়ে চাইবাৰ অপৰাধীয়ে। নিজৰ কষ্টোপাৰ্জিত জমা ধন এনেদৰে মুহূৰ্তৰ ভিতৰতে চাইবাৰ অপৰাধীয়ে উলিয়াই লৈ যোৱা ঘটনাৰ পিছত অসহায় হৈ পৰিছে গোপাল চন্দ্ৰ পাল। গোপাল চন্দ্ৰ পালৰ বেংক একাউণ্টৰ পৰা এনেদৰে ধন উলিয়াই লৈ যোৱা চাইবাৰ অপৰাধী চক্ৰটোৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ গহপুৰ আৰক্ষী থানাৰ লগতে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত কঠোৰ দাবী জনাইছে গহপুৰৰ ৰাইজে। এই বিষয়ে তেওঁ ইতিমধ্যে ১৯৩০ নম্বৰৰ জৰিয়তে বিষয়টো চাইবাৰ ক্ৰাইম বিভাগত অৱগত কৰাৰ লগতে গহপুৰ আৰক্ষী থানাতো লিখিত আকাৰে অৱগত কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে। তদুপৰি ইউকো বেংকৰ গহপুৰ শাখাতো বিষয়টো লিখিত আকাৰে জনাইছে গোপাল চন্দ্ৰ পালে।