আজি ৩০ মে’, জেঠ মাহৰ ১৫ তাৰিখ, শনিবাৰ
মেষ : আজি পাৰিবাৰিক সিদ্ধান্ত লোৱাৰ আগত গুৰুজনাক স্মৰণ কৰক৷ কর্মস্থানত অলপ সাৱধান হওক৷ বিদ্যাত শুভ৷ প্রেমত উৎসাহ৷ শুভ ৰং– নীলা, শুভ সংখ্যা– ২৷
বৃষ : আজি পুৰণি বন্ধুৰ লগত কথা পাতি আনন্দিত হ’ব৷ পূব দিশৰ পৰা ভ্রমণ নকৰিব৷ আর্থিকত উন্নতি লাভ৷ প্রেমত শুভ৷ শুভ ৰং– নীলা, শুভ সংখ্যা– ৯৷
মিথুন : আজি কর্মস্থানত নিজৰ দক্ষতাৰ ওপৰত স্থিতি লাভ কৰিব৷ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্রৰ লগত জড়িত ব্যক্তিসকলৰ সা–সন্মান বৃদ্ধি৷ বিদ্যাত মনোযোগৰ দৰকাৰ৷ শুভ ৰং–বগা, শুভ সংখ্যা– ৮।
কর্কট : আজি কর্মস্থানত গোপন শত্রু বাঢ়িব৷ পাৰিবাৰিক দিশত অলপ খেলিমোলি হ’ব পাৰে৷ শৰীৰৰ উন্নতি৷ দক্ষিণ দিশত ভ্রমণ কৰিব৷ শুভ ৰং– কমলা, শুভ সংখ্যা– ৯৷
সিংহ : আজি কর্মক্ষেত্রত বন্ধুবর্গৰ পৰা অধিক লাভৱান হ’ব৷ ৰাজনীতি আৰু সামাজিক ক্ষেত্রৰ লগত জড়িত ব্যক্তিৰ পদোন্নতি আৰু কর্মব্যস্ততা বাঢ়িব৷ শুভ ৰং– হালধীয়া, শুভ সংখ্যা– ৪৷
কন্যা : আজি চাকৰি প্রার্থীৰ কর্মসংস্থাপনৰ যোগাযোগ আহিব পাৰে৷ ব্যৱসায়ত মধ্যম৷ ঘৰুৱা দিশত সমস্যাই দেখা দিব৷ প্রেমত সাৱধান৷ শুভ ৰং– সেউজীয়া, শুভ সংখ্যা– ৬৷
তুলা : আজি জুইৰ পৰা সাৱধান হওক৷ অবাবত ধন খৰচ নকৰিব৷ কর্মত বিচক্ষণতা দেখা পাব৷ যান–বাহন ক্রয় কৰাৰ যোগ৷ বিদ্যাত বাধা৷ প্রেমত কষ্ট৷ শুভ ৰং– ক্রীম, শুভ সংখ্যা– ২।
বৃশ্চিক : আজি আনৰ প্রতি দায়বদ্ধতা বৃদ্ধি৷ বন্ধুৰ পৰা আঁতৰত থাকক৷ কর্মস্থানত মধ্যম ফল৷ নিচাযুক্ত খাদ্যৰ পৰা দূৰত থাকক৷ প্রেমত মধ্যম ফল৷ শুভ ৰং– ক’লা, শুভ সংখ্যা– ৫।
ধনু : আজি ধন–সম্পত্তিক লৈ তর্ক হ’ব পাৰে৷ কর্মস্থানত ব্যস্ততা বাঢ়িব৷ পুৰণি ৰোগৰ পৰা মুক্ত হ’ব৷ সামাজিক কামত উন্নতি৷ শুভ ৰং– গুলপীয়া, শুভ সংখ্যা– ৩।
মকৰ : আজি মানসিক চিন্তা বৃদ্ধি পাব৷ নিজৰ কর্মৰ ওপৰত গুৰুত্ব দিয়ক৷ গোপন শত্রু বৃদ্ধি৷ শৰীৰৰ প্রতি যত্ন লওক৷ আর্থিক দিশত শুভ৷ শুভ ৰং– মেৰুন, শুভ সংখ্যা– ১।
কুম্ভ : আজি বুদ্ধিজীৱী তথা সংস্কৃতিপ্রেমীৰ বাবে অনুকূল৷ দাম্পত্যত বুজাবুজিৰ অভাৱ৷ ব্যৱসায়ত মধ্যম৷ প্রেমত শুভ৷ বিদ্যাত মধ্যম৷ শুভ ৰং– ছিলভাৰ, শুভ সংখ্যা– ৬৷
মীন : আজি ঘৰুৱা কাম–কাজৰ লগতে কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰিব৷ ভ্রমণত শুভ৷ যান–বাহন ক্রয় কৰিব পাৰিব৷ আর্থিকত উন্নতি৷ প্রেমত শুভ৷ শুভ ৰং– বেঙুনীয়া, শুভ সংখ্যা– ৮৷