নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুপামাৰী বদলা পথাৰত ভয়ানক মাৰপিট, আহত কেইবাজনো লোক

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৩০ মে’ : কামৰূপৰ টুপামাৰী আৰক্ষী চকীৰ অধীনস্থ বদলা পথাৰত ভয়ানক মাৰপিট সংঘটিত হয়। কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয় উক্ত মাৰপিটত|

শুকুৰবাৰে আবেলি কুৰুক্ষেত্ৰসদৃশ পৰিৱেশৰ সৃষ্টি হয় বদলা বজাৰত | দুই ফৈদৰ প্ৰচণ্ড মাৰপিটত প্ৰায় পোন্ধৰজনকৈ লোক আহত হয়। উল্লেখ্য যে বদলা টিয়াপাৰাৰ সুমেজ উদ্দিন আৰু বদলা পথাৰ গাঁৱৰ জহৰ আলীৰ পৰিয়ালৰ মাজত এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাক কেন্দ্ৰ কৰি বিবাদৰ সূত্ৰপাত হয় প্ৰথমে | এই বিবাদ মীমাংসাৰ বাবে বদলা ৰঙাপানী বজাৰ কমিটীয়ে দায়িত্ব লয়। শুকুৰবাৰে বজাৰ প্ৰাংগণত দুই পক্ষক লৈ এখন সভা পাতে বজাৰ কমিটীয়ে |

উক্ত সভাতে হঠাৎ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। শ শ লোক উপস্থিত থকা সভাখনত হঠাৎ কুৰুক্ষেত্ৰসদৃশ পৰিৱেশৰ সৃষ্টি হোৱাত আহত হয় প্ৰায় ১৫জনকৈ লোক। আহতসকলক ততাতৈয়াকৈ সোণতলী সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও এজনৰ অৱস্থা সংকটজনক হোৱাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হয়। এই মাৰপিটত বজাৰলৈ যোৱা কেইবাজনো নিৰীহ লোকো আহত হয়।

উল্লেখ্য যে ঘটনাৰ পাছতে বজাৰ কমিটীৰ সভাপতি-সম্পাদককে আদি কৰি পাঁচজনকৈ লোকক আটক কৰে টুপামাৰী আৰক্ষীয়ে |

You might also like