নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটা চাৰিআলিত খুৰাকৰ নাক কামুৰি ছিঙিলে ভতিজাকে…

ডিজিটেল ডেস্ক, ৩০ মে’ : খুৰাকৰ নাক কামুৰি ছিঙিলে ভতিজাকে। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পিয়লিখাটাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

জানিব পৰা মতে, সুৰেন ডেকা নামৰ এজন লোকৰ বিৰুদ্ধে পুখুৰীত বিহ প্ৰয়োগ কৰি মাছ নিধন কৰাৰ অভিযোগ আনে তেওঁৰ দুই ভতিজাই। এই অভিযোগক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত এই বিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাত শাৰীৰিক সংঘৰ্ষৰ ঘটনা সংঘটিত হয়।

অৱশেষত এই বিবাদে শাৰীৰিক আক্ৰমণৰ পৰ্যায় পোৱাত খুৰাকৰ নাক কামুৰি ছিঙি দিয়ে ভতিজাকে। এই ঘটনাত আঘাতপ্ৰাপ্ত সুৰেন ডেকা বৰ্তমান এইমছত ভৰ্তি হৈ আছে।

এই ঘটনাত অভিযুক্ত সৌৰভ ডেকা, মুকুন্দ ডেকা আৰু অপু ডেকাক জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

You might also like