নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্বতঝোৰাত শোকাৱহ পথ দুৰ্ঘটনাত দুই বাইক আৰোহী থিতাতে নিহত

ডিজিটেল ডেস্ক, পৰ্বতঝোৰা, ৩০ মে’ : পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰামসৰোবৰ অঞ্চলত যোৱানিশা ১০:৩০ বজাত দুখন বাইকৰ মাজত সংঘটিত ভয়াৱহ মুখামুখি সংঘৰ্ষত দুজনকৈ যুৱকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী মহিলা আৰু এটি শিশু কন্যা গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, কাজিগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত বৰভিটা গাঁৱৰ ছাহিদুল ইছলাম (২৮) নামৰ যুৱকজনে বাইক এখনেৰে তেওঁৰ পত্নী আৰু এটি শিশু কন্যাক লৈ আলমগঞ্জ অভিমুখে যাত্ৰা কৰি আছিল। ঠিক একে সময়তে চুপাৰীঘাটৰ পৰা মিৰাজুল হকে বাইক এখনেৰে কাজিগাঁও অভিমুখে আহি থকা অৱস্থাত দুয়োপক্ষৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয়।

প্ৰাপ্ত তথ্য অনুসৰি, কাজিগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ৰামসৰোবৰ নামৰ ঠাইত বাইক দুখনৰ সংঘৰ্ষ ইমানেই ভয়ানক আছিল যে বৰভিটা গাঁৱৰ ছাহিদুল ইছলাম ঘটনাস্থলীতে নিহত হয়। লগতে একে দুৰ্ঘটনাতে কাজিগাঁৱৰ ৰাভাপাৰা গাঁৱৰ মিৰাজুল হক (২২) নামৰ আন এজন যুৱকৰো ঘটনাস্থলীতে মৃত্যু হয়। আনহাতে, দুৰ্ঘটনাত ছাহিদুল ইছলামৰ পত্নী সেহনাজ পাৰবিন আৰু শিশু কন্যা ঘটনাস্থলীত গুৰুতৰভাৱে আহত হয়। ৰাতি অধিক হোৱা সত্ত্বেও স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আহত দুজনক উদ্ধাৰ কৰি ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বৰ্তমানে তেওঁলোকৰ ধুবুৰী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে।

ইফালে, ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি কাজিগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত দুৰ্ঘটনাগ্ৰস্ত এ এছ-১৭পি-৮৬৫৫ আৰু এ এছ-১৭ আৰ-৯৯১৪ নম্বৰৰ বাইক দুখন জব্দ কৰিবলৈ সক্ষম হয়। কাজিগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ইপিনে, এই ঘটনাত নিহত যুৱক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ  পেলাইছে।

You might also like