নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰোগ্য নিধিলৈ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ সাহায্য

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ সমগ্ৰ বিশ্বত দেখা দিয়া ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে বিশ্ব তথা দেশবাসীক আতংকিত কৰাৰ লগে লগে ৰাজ্য সমূহ ইয়াৰ বাবে তৎপৰ হৈ উঠিছে। দেশৰ লগতে অসমতো অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত স্বাস্থ্য বিভাগে ব্যপক তৎপৰতা আৰম্ভ কৰিছে । লক ডাউনৰ পৰিপেক্ষিতত বিত্তীয় দিশ টনকিয়াল কৰা স্বাৰ্থত তথা মহামাৰী ক’ৰোনাৰ বিপক্ষে হোৱ যুদ্ধ খনত যুঁজিবলৈ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক অসম আৰোগ্য নিধিত বৰঙনি দিবলৈ আহ্বান জনাইছিল ।

এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড সমূহ কৰ্মচাৰীয়ে অসম আৰোগ্য নিধিলৈ এক মাহৰ মাননি স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত চেকযোগে অৰ্পণ কৰে ।

প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ হৈ নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইন, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ ডেপুটী চি ই অ’ ভৱেশ ডেকা আৰু নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাই স্বাস্থ্যমন্ত্রীৰ হাতত অৰ্পন কৰে ১০ লাখ এটকাৰ চেকখন।

You might also like