মহাকাশত কৃত্রিম ভ্রূণ মডেল পঠিয়াই অভিনৱ গৱেষণা চীনৰ
ডিজিটেল ডেস্ক, ১ জুন : মহাশূন্যত পৰীক্ষা–নিৰীক্ষাৰ আওতালৈ আহিল এইবাৰ মানৱ জাতিৰ বংশ বিস্তাৰো৷ প্রজনন সম্পর্কীয় গৱেষণাৰ ফল মহাশূন্যত কেনেকুৱা হয়, তাক জানিবলৈ এইবাৰ বৃহৎ পদক্ষেপ গ্রহণ কৰিছে চীনে৷ বিশেষকৈ মহাশূন্যত ‘মাইক্র’গ্রেভিটী’ আৰু ‘কছমিক ৰেডিয়েচন’ৰ প্রভাৱ মানৱ প্রজননৰ একেবাৰে প্রাথমিক পর্যায়ৰ ওপৰত কিদৰে পৰে বা পৰে নে নাই, তাৰ উমান পাবলৈ এইবাৰ তৎপৰ হৈ পৰিছে চীনৰ মহাকাশ বিজ্ঞানীসকল৷ সেইবাবেই তেওঁলোকে আৰম্ভ কৰিছে বিশ্বৰ এই প্রথম মহাকাশ গৱেষণা, য’ত কৃত্রিম মানৱ এম্ব্রায় তথা ভ্রূণ মডেল আৰু ষ্টেম চেলৰ পৰা পোৱা গাঁথনি ব্যৱহাৰ কৰা হৈছে৷
ইতিমধ্যে ব্যৱহার্য সামগ্রী পঠিয়াই দিয়া হৈছে টিয়াংগং স্পেচ ষ্টেচনলৈ৷ টিয়াংঝৌ কার্গো স্পেচ ক্রাফ্টত তাক গন্তব্য স্থানলৈ পঠিয়াই দিয়া হৈছে৷ তাকো চলিত মাহৰ প্রথম ভাগতে৷ চাইনিজ একাডেমী অৱ ছায়েঞ্চেজ ইনষ্টিটিউট অৱ জিঅ’লজীৰ গৱেষকসকলে এই গৱেষণা চলাইছে বুলি জানিব পৰা গৈছে৷
গৱেষণা সংক্রান্তীয় যিবোৰ তথ্য এইপর্যন্ত পোহৰলৈ আহিছে, সেইমর্মে যি কৃত্রিম এম্ব্রায়ক লৈ পৰীক্ষা–নিৰীক্ষা চলিছে, সেয়া কেতিয়াও কোনোদিনেই ফোটাছত পৰিণত নহ’ব৷ সেইকাৰণে গৱেষকসকলে এইবোৰক ‘আর্টিফিচিয়েল এম্ব্রায় মডেল’ বুলি অভিহিত কৰিছে, যাক তৈয়াৰ কৰা হৈছে মানৱ ষ্টেম চেলৰ পৰা৷ ‘ফার্টিলাইজেচন’ তথা নিষিক্তকৰণৰ ১৪–২১ দিন পিছত প্রকৃত এম্ব্রায়ৰ যি পৰিস্থিতি হয়, তাৰেই প্রতিৰূপক লৈ মহাশূন্যত চলিছে গৱেষণা৷ ইয়াৰ বিশেষত্ব হ’ল এইবোৰ নিজৰ পৰা বিভাজিত হ’ব পাৰে৷ কিন্তু শেষপর্যন্ত কোনো প্রকাৰে ইয়াৰ পৰা প্রাণৰ সঞ্চাৰ হ’ব নোৱাৰে৷
চাইনিজ একাডেমী অৱ ছায়েঞ্চেজ ইনষ্টিটিউট অৱ জিঅ’লজীৰ তৰফৰ পৰা এই প্রকল্পৰ মুৰব্বী ইউ লেকিয়ানে কয়, ‘আমি আশা কৰোঁ মহাশূন্যৰ পৰিৱেশত মানৱ এম্ব্রায়নিক গ্রোথৰ ক্ষেত্রত কি কি প্রত্যাহ্বান আহিব পাৰে, তাক চালি–জাৰি চাই জনাবলৈ সক্ষম হ’ম৷ তথাপি আমি আচল ভ্রূণক লৈ পৰীক্ষা–নিৰীক্ষা কৰা নাই৷ আমি একধৰণৰ মডেল লৈ পৰীক্ষা কৰিছোঁ৷’ লেকিয়ানৰ দাবী যে তেওঁলোকে এটা অত্যন্ত যুক্তিসংগত প্রশ্ণৰ উত্তৰ বিচাৰিছে৷ সেয়া হ’ল মানৱ জাতিয়ে মহাশূন্যত অস্তিত্ব ৰক্ষা কৰিবলৈ সক্ষম হ’বনে? মানৱ প্রজনন মহাশূন্যত সম্ভৱনে?