নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেটেকুপুখুৰীত মাধৱদেৱৰ ৫৩৮সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ পালন

ডিজিটেল ডেস্ক, ভোগপুৰ, ১ জুন : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য, একশৰণ নামধৰ্মৰ অন্যতম স্তম্ভ আৰু অসমীয়া সমাজ-সংস্কৃতিৰ মহান পথপ্ৰদৰ্শক মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৫৩৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আজি তেওঁৰ পৱিত্ৰ জন্মস্থান লেটেকুপুখুৰীত ভক্তি, শ্ৰদ্ধা আৰু আধ্যাত্মিক পৰিৱেশৰ মাজেৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়।

পুৱা ঊষা কীৰ্ত্তনৰ জৰিয়তে শুভাৰম্ভ হোৱা কাৰ্যসূচীৰ আৰম্ভণিতে পৰিৱেশ নিকাকৰণ কাৰ্য সম্পন্ন কৰা হয়। ইয়াৰ পিছতে মাধৱদেৱ জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি তথা উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ধৰ্মধ্বজা উত্তোলন কৰি মহোৎসৱৰ শুভ সূচনা কৰে। ধৰ্মধ্বজা উত্তোলনৰ পিছতে সত্ৰাধিকাৰগৰাকীৰ নেতৃত্বত ভকত-বৈষ্ণৱসকলে হৰি নাম-সংকীৰ্তনৰ মাজেৰে গুৰুগৃহ আৰু ঐতিহাসিক লেটেকুপুখুৰী প্ৰদক্ষিণ কৰে। আধ্যাত্মিক ভাবগম্ভীৰ্যতাৰে ভৰা এই কাৰ্যসূচীয়ে সমগ্ৰ অঞ্চলটোক এক পৱিত্ৰ পৰিৱেশেৰে মুখৰিত কৰি তোলে।

পুৱা ৯ বজাত বলোৰাম বৰগায়ন আতৈৰ দ্বাৰা নৈমিত্তিক প্ৰসংগ পৰিৱেশন কৰা হয়। ইয়াৰ পিছতে অনুষ্ঠিত হয় গুৰুবাদ্য প্ৰদৰ্শন, যিয়ে উপস্থিত ভক্তবৃন্দক বৈষ্ণৱ সাংস্কৃতিক ঐতিহ্যৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাৰ সুযোগ প্ৰদান কৰে। মহোৎসৱৰ অন্যতম আকৰ্ষণ আছিল ছকুৰি ভকতৰ নাম-কীৰ্তন। ভকত বৈষ্ণৱসকলৰ ব্যাপক অংশগ্ৰহণ আৰু হৰিনামৰ ধ্বনিৰে কীৰ্তনঘৰ তথা সমগ্ৰ জন্মস্থান চৌহদ মুখৰিত হৈ উঠে। আধ্যাত্মিক আনন্দ আৰু ভক্তিৰসত নিমগ্ন এই নাম-প্ৰসংগই উপস্থিত সকলোকে এক বিশেষ অনুভূতি প্ৰদান কৰে। নাম-কীৰ্তনৰ অন্তত জন্মস্থানৰ নাটঘৰত এখনি ধৰ্মালোচনা সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে। আদৰণী ভাষণ প্ৰদান কৰে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন কুমাৰ বৰাই।

দিনজোৰা এই আৱিৰ্ভাৱ মহোৎসৱে মাধৱদেৱৰ মহান আদৰ্শ আৰু একশৰণ নামধৰ্মৰ চেতনাক পুনৰ সজীৱ কৰি তোলাৰ লগতে অঞ্চলটোৰ ধৰ্মীয়-সাংস্কৃতিক পৰিৱেশ অধিক সমৃদ্ধ কৰি তোলে।

You might also like