নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ বছৰতে ৰাজ্যত ২৫ হাজাৰ একৰতকৈও অধিক বনভূমি বেদখলমুক্ত

ডিজিটেল ডেস্ক, ৫ জুন : অকল সর্বদিশৰ উন্নয়নেই নহয়, প্রকৃতি সংৰক্ষণ–সংবর্ধনত বিশেষ সফলতা অর্জন কৰিছে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে৷ আজি বিশ্ব পৰিৱেশ দিৱস৷ তাৰ প্রাকক্ষণতে প্রকৃতি ৰক্ষাৰ কাৰণে এনডিএ চৰকাৰে প্রকৃতি ৰক্ষাৰ হকে গ্রহণ কৰা ইতিবাচক পদক্ষেপসমূহৰ বিষয়ে উদাহৰণসহ ব্যাখ্যা কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্র কমল কুমাৰ মেধিয়ে৷

তেওঁ কয় যে পূর্বৰ কংগ্রেছ চৰকাৰৰ দিনত কেৱল মুনাফাৰ স্বার্থত চৰকাৰৰ বৰমূৰীয়াসকলে বনধ্বংস অভিযান চলাইছিল৷ অবাধে গছ কটা, বনভূমি–জলাশয় বেদখল আছিল কংগ্রেছ চৰকাৰৰ সময়ৰ নিত্য–নৈমিত্তিক ঘটনা৷ বন বিভাগৰ মন্ত্রী, বিষয়া–কর্মচাৰীসকল বনদস্যুৰ ৰূপত অৱতীর্ণ হৈছিল৷ গঁড় হত্যা আছিল প্রতিটো দিনৰ দুঃসংবাদ৷ কিন্তু ইয়াৰ বিপৰীতে সর্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন এনডিএ চৰকাৰে যুগ যুগ ধৰি চলি অহা বন ধ্বংসযজ্ঞৰ অৱসান ঘটালে৷ বেদখলকাৰীৰ কবলত পৰা বনভূমি–জলাশয় উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ বিগত ৫ বছৰতে ২৫ হাজাৰ একৰতকৈও অধিক বনভূমি বেদখলমুক্ত কৰা বুলি উল্লেখ কৰি তেওঁ এই সন্দর্ভত কেইটামান উদাহৰণ দাঙি ধৰে৷

মেধিয়ে কয় যে গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত বিগত বর্ষৰ ৯ আৰু ১০ নৱেম্বৰত চলোৱা উচ্ছেদ অভিযানত প্রায় ৬০০ অবৈধ দখলকাৰীক উচ্ছেদ কৰি ১,১৫০ বিঘা বনভূমি পুনৰুদ্ধাৰ কৰা হৈছিল৷ উচ্ছেদৰ পাছতেই আৰম্ভ কৰা গছপুলি ৰোপণকে ধৰি ভিন্ন পদক্ষেপৰ ফলস্বৰূপে এতিয়া সেই বনভূমিলৈ উভতি আহিছে বন্য জীৱকুল৷ দহিকটা, বান্দাৰমাথা সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰি বন্ধ হৈ থকা হস্তী কৰিড’ৰ মুকলি কৰাৰ ফলত বন্যহস্তী বনাঞ্চলৰ পৰা জনাঞ্চললৈ অহাটো বন্ধ হৈছে৷ হাতীকুলে নিজৰ মতে নিজৰ এলেকাত বিচৰণ কৰাৰ সুবিধা হ’ল৷ গোলাঘাট জিলাৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাই বিজেপি চৰকাৰে ইতিমধ্যে ১৫৩ হেক্টৰ ভূমি উদ্ধাৰ কৰিছে আৰু সেই বনাঞ্চলত গছপুলি ৰোপণৰ ব্যৱস্থা কৰিছে৷ কার্বি আংলঙৰো ধনশিৰি আৰু দলদলি সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰি তাতো এতিয়া বন বিভাগে বিভিন্ন প্রজাতিৰ গছপুলি ৰোপণ কৰাৰ ব্যৱস্থা কৰিছে৷

লাওখোৱা অভয়াৰণ্যৰ বৃহৎ অংশ বেদখলমুক্ত কৰাৰ পিছত এতিয়া তাত বনৰীয়া জীৱ–জন্তুৰ বিচৰণ সহজ হৈছে আৰু বন্য জন্তুৰ বংশবৃদ্ধি ঘটিছে৷ অবৈধ বেদখলকাৰীৰ কবলত পৰি এসময়ত ধ্বংসৰ মুখলৈ গতি কৰা উত্তৰ অসমৰ পাভৈ বনাঞ্চললৈও এতিয়া ঘূৰি আহিছে সেউজ পৰিৱেশ৷ এই বনাঞ্চলত এতিয়া হাতী, বাঘ, ভালুকৰ লগতে বনঘৰচীয়া ঘোঁৰাৰ মুক্ত বিচৰণে প্রকৃতিপ্রেমীসকলৰ দৃষ্টি আকর্ষণ কৰিছে৷ এসময়ত কেৱল গঁড়ৰ চোৰাং চিকাৰৰ ভয়–শংকাৰ বাতৰিয়ে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰো শিৰোনাম দখল কৰা কাজিৰঙা ৰাষ্ট্রীয় উদ্যানে আজি বিশ্ব পর্যটনৰ মানচিত্রত এক নতুন ইতিহাস ৰচনা কৰিছে৷ ১.৫৫ লাখৰ পৰা ৫.৪৮ লাখলৈ বৃদ্ধি হৈছে দর্শনার্থীৰ সংখ্যা৷ এয়া অসমৰ বাবে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে কঢ়িয়াই অনা এক বিশেষ সফলতাৰ খবৰ৷ একেদৰে মানস ৰাষ্ট্রীয় উদ্যান আৰু পবিতৰা বন্যপ্রাণী অভয়াৰণ্যৰ পৰাও প্রতিদিনে আহি আছে গভীৰ আশাব্যঞ্জক বাতৰি৷ উন্নত সুবিধা, সুদৃঢ় যোগাযোগ ব্যৱস্থা আৰু বন্যপ্রাণী সংৰক্ষণৰ দৃঢ় পদক্ষেপৰ ফলত এই দুয়োখন বনাঞ্চলত পূর্বতকৈ অধিক পর্যটকৰ আগমন ঘটিছে৷ যাৰ ফলত অসমৰ বন পর্যটনেও লাভ কৰিছে নতুন গতি আৰু নতুন শক্তি৷ ইয়ে কেৱল অসম পর্যটনৰ সফলতাই কঢ়িয়াইছে, এনে নহয়, স্থানীয় যুৱক–যুৱতী, গাইড, চালক, হোমষ্টে পৰিচালক আৰু ক্ষুদ্র ব্যৱসায়ীৰ জীৱনলৈও আত্মবিশ্বাস, নতুন সম্ভাৱনা আৰু জীৱিকাৰ এক নতুন দিশ উন্মোচন কৰিছে৷

ইফালে, ৰাজ্যিক বিজেপিৰ মুখপাত্র মেধিয়ে দলীয় সিদ্ধান্তৰ বিষয়ে সদৰী কৰি কয় যে ‘বিশ্ব পৰিৱেশ দিৱস’ দলে ব্যাপক আৰু বিস্তাৰিত ৰূপত পালন কৰিব৷ কেন্দ্রৰ নৰেন্দ্র মোদী নেতৃত্বাধীন এনডিএ চৰকাৰৰ ১২ বছৰীয়া পূর্তিৰ সৈতে সংগতি ৰাখি এইবাৰ অসমতো বিজেপিয়ে ১ কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ‘বিশ্ব পৰিৱেশ দিৱস’ত দলৰ কার্যকর্তাসকলে প্রতিটো বুথত কমেও ৫টা ফলধাৰী গছপুলি ৰোপণ কৰিব৷

You might also like