ক’ৰোনাৰ প্ৰতিৰোধৰ বাবে প্ৰয়োজন সন্মিলিত শক্তিৰ
নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ ভয়ংকৰ ক’ভিড-১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীয়ে বিশ্বজুৰি বিভীষিকাৰ ৰূপ ধাৰণ কৰাৰ লগে লগে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটৰেছে নিৰাপত্তা পৰিষদক এই ভাইৰাছবিধৰ প্ৰতিৰোধী যুদ্ধৰ বাবে এক সন্মিলিত বাহিনী গঠন কৰিবলৈ আহ্বান জনাইছে। এই ভাইৰাছবিধৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে ঐক্যবদ্ধভাৱে ইয়াৰ মোকাবিলা কৰাৰ গত্যন্তৰ নাই বুলি উল্লেখ কৰিছে বিশ্বৰ সৰ্বোচ্চ সংস্থাটোৰ মূৰব্বীগৰাকীয়ে। উল্লেখনীয় যে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ক’ভিড-১৯ৰ সংকটৰ ওপৰত প্ৰথমটো আলোচনা চলোৱা হৈছিল। এই আলোচনাত গুটৰেছে উল্লেখ কৰে যে ক’ভিড-১৯ সংকট হৈছে ‘এক প্ৰজন্মৰ যুদ্ধ’ ইয়াক প্ৰতিহত কৰিবলৈ ৰাষ্ট্ৰসংঘই নিজেই ব্যৱস্থা ল’ব লাগিব। এই মহাদুৰ্যোগৰ সময়ত ক’ৰোনা প্ৰতিৰোধৰ বাবে বিশ্ববাসীক ঐক্যবদ্ধ কৰাৰ আহ্বান জনাইছে গুটৰেছে। এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে নিৰাপত্তা পৰিষদে সন্মিলিত বাহিনী গঠন কৰি কেৱল ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধত মনোনিৱেশ কৰাৰ গত্যন্তৰ নাই বুলিও সচিব প্ৰধান গুটৰেছে নিৰাপত্তা পৰিষদৰ সদস্য দেশসমূহক জনাই দিছে। আমেৰিকা, চীনকে ধৰি মহা পৰাক্ৰমী ৰাষ্ট্ৰসমূহে এই আহ্বানক কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।