নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পিছতে মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠক

ডিজিটেল ডেস্ক, ৫ জুন : অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই সম্প্ৰসাৰিত হ’ল অসম মন্ত্ৰীসভা। শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ৰাজ্যত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এন ডি এ চৰকাৰে নিজৰ মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ ঘটায়।

গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আজি দিনৰ ১২.৪৫ বজাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুনকৈ অন্তৰ্ভুক্ত ১২গৰাকী বিধায়কক মন্ত্ৰী হিচাপে পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায় ।

আজি শপত লোৱা অসম মন্ত্ৰীসভাৰ ১২গৰাকী মন্ত্ৰী হৈছে- ডাঃ ৰণোজ পেগু, পীয়ূষ হাজৰিকা, বিমল বৰা, অশ্বিনী ৰায় সৰকাৰ, বিশ্বজিৎ দৈমাৰী, কৃষ্ণেন্দু পাল, অশোক সিংহল, জয়ন্ত মল্ল বৰুৱা, নীলিমা দেৱী, কৌশিক ৰায়, সুশান্ত বৰগোহাঁই আৰু কেশৱ মহন্ত ৷ উল্লেখ্য যে আজি শপত লোৱা মন্ত্ৰীসকলৰ ভিতৰত ৪গৰাকীয়ে প্ৰথমবাৰৰ বাবে লাভ কৰিছে মন্ত্ৰিত্ব।

আজি মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পিছতে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব এখন অতি গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত নতুনকৈ শপত লোৱা মন্ত্ৰীসহ ৰাজ্য চৰকাৰৰ আটাইকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব।

ৰাজ্যৰ নতুন মন্ত্ৰীসভা গঠনৰ পিছত এইখনেই হ’ব প্ৰথমখন কেবিনেট বৈঠক। সেয়েহে বৈঠকখনক লৈ ৰাজনৈতিক মহলৰ লগতে সাধাৰণ জনতাৰ মাজতো ব্যাপক আগ্ৰহৰ সৃষ্টি হৈছে। উল্লেখ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেট বৈঠকতে ৰাজ্যবাসীৰ স্বাৰ্থজড়িত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা আহিব পাৰে বুলি ধাৰণা কৰা হৈছে।

You might also like