ডিজিটেল ডেস্ক, ৭ জুন : পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম উপ-আৰক্ষী চকীৰ অন্তৰ্গত ছজঙত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুই যুৱকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়।
জানিব পৰা মতে, তিনিজন আৰোহী কঢ়িয়াই নিয়া এখন তীব্ৰবেগী দুচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰাত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত পিন্টু মাৰাক আৰু বিশাল চাংমা নামৰ দুই যুৱকে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়।
আনহাতে, অভি মাৰাক নামৰ এজন যুৱক গুৰুতৰভাৱে আহত হোৱাত তেওঁক প্ৰাথমিক চিকিৎসাৰ পিছত উন্নত চিকিৎসাৰ বাবে হোজাইস্থিত হাম হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
খবৰ অনুসৰি, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে পিন্টু মাৰাক আৰু বিশাল চাংমা পথৰ পৰা ছিটিকি গৈ ওচৰৰ পানীৰ নলাত পৰে। এই শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলায়। ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।