নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডবকাত ফল-মূল আৰু শাক-পাচলি বজাৰত খাদ্য সুৰক্ষা বিভাগৰ অভিযান

ডিজিটেল ডেস্ক, ৭ জুন : ডবকাত ফল-মূল আৰু শাক-পাচলি বজাৰত খাদ্য সুৰক্ষা বিভাগে এক অভিযান চলায়। হোজাই জিলা আয়ুক্তৰ নিৰ্দেশত চলায় এই অভিযান।

ফল-মূলৰ দোকান আৰু মজুত কৰা গুদামত তন্ন তন্নকৈ ফল-মূলসমূহ পৰীক্ষা কৰে বিষয়াৰ দলটোৱে। এই অভিযানত কেইবাখনো প্ৰতিষ্ঠানত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি ফল পকোৱাৰ তথ্য পোহৰলৈ আহে। অভিযানত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি পকোৱা ফলৰ নমুনা সংগ্ৰহ কৰাৰ লগতে সেই ফলসমূহ বিনষ্ট কৰে।

এটি অসাধু চক্ৰই এনেদৰে অপৈণত ফল-মূলসমূহত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি ৰমৰমীয়া ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন হয়। এই অভিযোগ উত্থাপিত হোৱাৰ পাছতেই জিলা প্ৰশাসনে এই অসাধু চক্ৰৰ বিৰুদ্ধে অভিযান চলাবলৈ নিৰ্দেশ প্ৰদান কৰে।

ইফালে, খাদ্য সুৰক্ষা বিভাগে অভিযান চলাব বুলি আগতীয়া উমান পাই বহু ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ৰাসায়নিক দ্ৰব্য মিহলি ফল-মূলসমূহ আঁতৰাই পেলায়।

আনহাতে, ডবকাৰ শাক-পাচলি বজাৰতো অভিযান চলায় দলটোৱে।

You might also like