মেঘালয়ৰ তুৰাত ৫ বাংলাদেশী আটক। আটক কৰা বাংলাদেশীকেইগৰাকী বৃহস্পতিবাৰে হাটশিঙিমাৰীৰ পৰা বলেৰো এখনেৰে মেঘালয়ৰ তুৰা হৈ গুৱাহাটীলৈ গৈ থকা অৱস্থাত মেঘালয়ৰ তুৰাৰ প্ৰহৰী নগৰত তীক্ষ্ণ চেকিঙত আটক হয়।
আটকাধীন বাংলাদেশীকেইগৰাকী হল- বাংদেশৰ ৰাজশ্বাহী জিলাৰ গোডাগাৰী থানাৰ অন্তৰ্গত ছেৰামকুণ্ডী গাঁৱৰ ছাদিকুল ইছলামৰ পুত্ৰ ছহেল ৰানা, আকাশ আলীৰ পুত্ৰ ছবি আলী, ফইজুৰ আলীৰ পুত্ৰ তাছেকুল ইছলাম, ৰফিদুল ইছলামৰ পুত্ৰ জিয়াদুৰ শ্বেখ আৰু আকাশ আলীৰ পুত্ৰ নবী আলী।
ডিজিটেল ডেস্ক, ১২ জুন