নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ছয় শিল্পীলৈ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ

অসমৰ সাংস্কৃতিক জগতলৈ পুনৰ আহিছে গৌৰৱৰ খবৰ। সংগীত নাটক একাডেমীৰ ২০২৪ আৰু ২০২৫ বৰ্ষৰ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ অসমৰ মুঠ ছয়গৰাকী প্ৰতিভাৱান শিল্পীক প্ৰদান কৰা হৈছে।

২০২৪ বৰ্ষৰ পুৰস্কাৰপ্ৰাপক

  1. মীনাক্ষি মেধিসত্ৰীয়া নৃত্য
  2. দিলীপ হীৰা– লোকসংগীত
  3. বিদ্যুত কুমাৰ নাথ– নাট্য নিৰ্দেশনা

২০২৫ বৰ্ষৰ পুৰস্কাৰপ্ৰাপক

  1. নিৰঞ্জন শইকীয়া বৰবায়ন– সত্ৰীয়া নৃত্য
  2. দেৱজিৎ শইকীয়া– খোলবাদন
  3. হীৰকজ্যোতি শৰ্মা– টোকাৰী গীত (লোকসংগীত)

এই সন্মানে অসমৰ সমৃদ্ধ লোকসংস্কৃতি, সত্ৰীয়া ঐতিহ্য আৰু নাট্যচৰ্চাৰ উৎকৰ্ষক পুনৰ এবাৰ দেশজুৰি উজ্বলাই তুলিছে। বিভিন্ন ক্ষেত্ৰত এই শিল্পীসকলৰ নিষ্ঠাপূৰ্ণ সাধনা আৰু সৃজনশীল অৱদানৰ স্বীকৃতি হিচাপে পুৰস্কাৰসমূহক সাংস্কৃতিক মহলে আদৰণি জনাইছে।

শিল্পীসকলৰ এই সফলতাই নতুন প্ৰজন্মক সংগীত, নৃত্য আৰু নাট্যকলাৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব বুলি আশা প্ৰকাশ কৰা হৈছে। অসমৰ সাংস্কৃতিক পৰিচয় বিশ্বমঞ্চত উজ্জ্বল কৰি তোলাত এই প্ৰতিভাসকলৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য।

ডিজিটেল ডেস্ক, ১১ জুন

You might also like