নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিবিড়জ্যোতি কলিতাৰ আকস্মিক বিয়োগত শোকস্তব্ধ ঢেকীয়াজুলি

ৰাজ্যখনৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, কেইবাখনো ভিন্ন ভাষাৰ বোলছবিৰ সংগীত পৰিচালক, সুৰকাৰ নিবিড়জ্যোতি কলিতাৰ আকস্মিক বিয়োগত শোকস্তব্ধ হৈ পৰিছে শ্বহীদ নগৰী ঢেকীয়াজুলি।

ঢেকীয়াজুলিৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী নৰেন কলিতাৰ পুত্ৰ তথা এগৰাকী প্ৰচুৰ প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পী নিবিড়জ্যোতি কলিতাই কৰ্মসূত্ৰে বিগত বহুবছৰ ধৰি  গুৱাহাটী মহানগৰীত স্থায়ীভাৱে বসবাস কৰিছিল৷

কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস ১০ জুনৰ ১১ বজাত শিল্পীগৰাকীৰ নিজ বাসগৃহতে আকস্মিকভাৱে মৃত্যু ঘটে। ৰাজ্যখনৰ এগৰাকী প্ৰচুৰ প্রতিশ্রুতিসম্পন্ন সংগীত শিল্পী, সংগীত পৰিচালক, প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চশিক্ষা গ্রহণ কৰালৈকে এগৰাকী মেধাৱী ছাত্ৰ হিচাপে পৰিচিত নিবিড়জ্যোতিৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে ঢেকীয়াজুলিত।

গুৱাহাটীত নিগাজীভাৱে বাস কৰা জনপ্রিয় কণ্ঠশিল্পীগৰাকীয়ে আকস্মিকভাবে মৃত্যুক সাৱটি লোৱাত সেইদিনাই  সন্ধিয়া ৭ বজাত গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

মন কৰিবলগীয়া যে অসমীয়াৰ হিয়াৰ আমঠু, গণশিল্পী জুবিন গাৰ্গৰ চিৰযুগমীয়া গীতসমূহত অনিন্দ্য-সুন্দৰকৈ কণ্ঠদান কৰি সকলোকে অভিভূত কৰিছিল নিবিড়জ্যোতিয়ে ৷ ১৯৮০ চনত জন্মগ্ৰহণ কৰা নিবিড়ে ঢেকীয়াজুলি নগৰ নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা প্ৰাথমিক পৰ্যায়ত বৃত্তি লাভ কৰি সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত ঢেকীয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে মেট্ৰিকৰ দেওনা পাৰ হৈ উচ্চ শিক্ষাৰ বাবে উত্তৰ পাৰৰ নালন্দাস্বৰূপ তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বুকুত অলেখ স্বপ্ন লৈ গুৱাহাটীলৈ ৰাওনা হৈছিল।

গুৱাহাটীত এইচ ডি এফ চি, আই চি আই চি আই ইত্যাদি বেংকিং ক্ষেত্ৰত কৰ্মৰত হৈ থকাৰ সময়তে বিবাহপাশত আৱদ্ধ হৈছিল৷ মৃত্যুৰ সময়ত পত্নীৰ লগতে এগৰাকী সন্তানক ইহসংসাৰত এৰি থৈ গৈছে সংগীতশিল্পীগৰাকীয়ে।

সংগীত ক্ষেত্ৰখনত কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ থকা নিবিড়ে কৰ্মসূত্ৰে গুৱাহাটীত নিগাজিকৈ থকা সময়তে নিবিড়ভাৱে অসমৰ সংগীত জগতখনৰ সৈতে জড়িত হৈ পৰিছিল৷ হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীত হুবহুকৈ পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰা নিবিড়ৰ সংগীতৰ মহীৰূহ জুবিন গাৰ্গৰ লগতে অসমৰ সংগীত জগতৰ আটাইকেইগৰাকী সুপ্ৰতিষ্ঠিত সংগীত শিল্পীৰ সৈতে হৈ পৰিছিল আন্তৰিক সম্পৰ্ক।

তেওঁ চাদ্ৰী ভাষাৰ চলচ্চিত্র ‘টেম্পাৰ’ৰ লগতে অসমীয়া বোলছবি ‘খাৱৈ’,আহিবলগীয়া বোলছবি ‘জীৱনৰ আঁৰৰ জীৱন’ আদি ছবিৰ সংগীত পৰিচালনা কৰি বিপুল সমাদৃত হৈছিল।সংগীত পৰিচালনা কৰা এলবাম তথা গীত সমূহ হৈছে -কালজয়ী: কণ্ঠশিল্পী- জুবিন গাৰ্গ, দিন আহে দিন যায়: কণ্ঠশিল্পী- জুবিন গাৰ্গ,বনৰীয়া ফুল: কণ্ঠশিল্পী- নীল আকাশ আৰু জুবলি ৷

এগৰাকী প্ৰচুৰ প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পীগৰাকী কিছুবছৰ ধৰি হতাশাত আক্ৰান্ত হোৱাৰ কথা বন্ধুবৰ্গক ফোনযোগে অৱগত কৰাৰ কথা এই প্ৰতিবেদকক তেখেতৰ বন্ধুবৰ্গই জনাইছিল।  অকালতে মৃত্যুক সাৱটি লোৱা নিবিড় জ্যোতি কলিতাৰ বিয়োগত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে জন্মস্থান ঢেকীয়াজুলিত৷

তেওঁৰ অকাল মৃত্যুত ঢেকীয়াজুলি শাখা সাহিত্য সভা, ঢেকীয়াজুলি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, ঢেকিয়াজুলি নগৰ নিম্ন বুনিয়াদী বিদ্যালয় সতীৰ্থ সন্মিলন উদ্‌যাপন সমিতি, ঢেকীয়াজুলি জ্যেষ্ঠ নাগৰিক সন্থা, ঢেকীয়াজুলিৰ প্ৰকৃতিমূলক সংগঠন সেউজ ছ’চাইটী, কৃষ্টি সাৰথি সাংস্কৃতিক গোষ্ঠী, বন্যম সাংস্কৃতিক ক্ষেত্ৰ,ঢেকিয়াজুলি লেখিকা সমাৰোহ সমিতি, আপকু ঢেকীয়াজুলি সমজিলা সমিতিৰ লগতে কেইবাটাও জাতীয় দল-সংগঠন তথা অনুষ্ঠান-প্রতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি সম্ভাৱনাপূৰ্ণ শিল্পীগৰাকীৰ মৃত্যু এক অপূৰণীয় ক্ষতি বুলি অনুভৱ প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ১৩ জুন

You might also like