আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকৰ সামৰণিৰ পিছত সংবাদ মেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ সদৰী কৰে।
আৰ্য নগৰ ঘটনাক লৈ মন্তব্য
মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয় যে ‘আৰ্য নগৰৰ ঘটনা অসমীয়া–বিহাৰী সংঘাত নহয়’। তেওঁ উল্লেখ কৰে যে এয়া দুজন ব্যক্তিৰ ব্যক্তিগত কাজিয়া, যাক কিছুমানে সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰিছে। তেওঁ লগতে সতৰ্ক কৰি কয় যে এনে বিভাজনমূলক প্ৰচেষ্টাই অসমত পুনৰ অশান্ত পৰিস্থিতি সৃষ্টি কৰিব পাৰে।
বিধানসভা অধিৱেশন আৰু চৰকাৰী আঁচনি
মুখ্যমন্ত্ৰীৰ মতে, অহা ৬ জুলাইৰ পৰা অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ’ব। লগতে তেওঁ কয় যে আগষ্ট মাহৰ পৰা বহু চৰকাৰী আঁচনিৰ সুবিধা ৰাইজে লাভ কৰিব। সেইমতে অৰুণোদয় আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হব।
ছেটেলাইট চিটি আৰু উন্নয়নমূলক পদক্ষেপ
গুৱাহাটী বিমানবন্দৰৰ আশে-পাশে এখন নতুন ছেটেলাইট চিটি নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। এই প্ৰকল্পক ৰাজ্যৰ নগৰ উন্নয়নৰ এক বৃহৎ পদক্ষেপ হিচাপে দেখা হৈছে।
VB-G RAM G আঁচনি আৰম্ভ
১ জুলাইৰ পৰা ৰাজ্যত আনুষ্ঠানিকভাৱে VB-G RAM G আঁচনি ৰূপায়ণ হ’ব। এই আঁচনিৰ অধীনত ‘প্ৰতিখন পঞ্চায়তে লাভ কৰিব ১ কোটিকৈ টকা’। ‘এই আঁচনিৰ জৰিয়তে গাঁৱৰ মানুহে ১২৫ দিনৰ বাবে নিশ্চিত আয়ৰ সুবিধা লাভ কৰিব’। ‘পঞ্চায়তৰ বাবেও প্ৰস্তুত কৰা হ’ব গাইডলাইন’।
অখিল গগৈৰ নিৰাপত্তা
মুখ্যমন্ত্ৰীয়ে কয় যে বিধায়ক অখিল গগৈয়ে নিজেই নিজৰ জীৱনৰ নিৰাপত্তা সন্দৰ্ভত আশংকা প্ৰকাশ কৰিছিল। সেই অনুসৰি আৰক্ষীৰ অনুৰোধৰ ভিত্তিত তেওঁৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
অসমীয়া ভাষা আৰু জনসংখ্যা নীতি
মুখ্যমন্ত্ৰীয়ে দৃঢ় ভাষাত কয়— “চন্দ্ৰ-সূৰ্য থকালৈকে অসমীয়া ভাষা জীয়াই থাকিব।” তেওঁ লোকপিয়লত অসমীয়া ভাষা সঠিকভাৱে উল্লেখ কৰিবলৈ আহ্বান জনায় আৰু কয় যে অসমীয়া ভাষাক কোনেও দুৰ্বল বুলি ভাবিব নালাগে। তেওঁ লগতে লেণ্ড জেহাদ আৰু লাভ জেহাদক ৰাজ্যৰ মূল সমস্যা হিচাপে উল্লেখ কৰে।
আধাৰ কাৰ্ড সন্দৰ্ভত নতুন নিয়ম
মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি— ১৮ বছৰৰ ওপৰৰ লোকৰ আধাৰ প্ৰক্ৰিয়াত নতুন নিয়ম প্ৰযোজ্য হ’ব। TE, ST, SC শ্ৰেণীৰ লোকসকলে ২০২৭ চনৰ মাৰ্চলৈ আধাৰ কাৰ্ড লাভ কৰিব।
ডিজিটেল ডেস্ক, ১৩ জুন