নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত চাঞ্চল্য! ১৩২ ফুট উচ্চতাৰ ম’বাইল টাৱাৰেই হ’ল চুৰি

বিহাৰৰ বক্সাৰ জিলাৰ ডুমৰাও চহৰত এক অভূতপূৰ্ব চুৰিৰ ঘটনা পোহৰলৈ আহিছে, যিয়ে কেৱল চহৰখনেই নহয়, সমগ্ৰ জিলাখনকে হতবাক কৰি তুলিছে। ১৮ নম্বৰ ৱাৰ্ডত সংঘটিত এই ঘটনাত ১৩২ ফুট উচ্চতাৰ এটা মোবাইল টাৱাৰ, ১৫ কেভিৰ এটা জেনেৰেটৰ আৰু লাখ লাখ টকাৰ আন সা-সঁজুলি ৰহস্যজনকভাৱে নি:শেষ হৈ যায়।

আটাইতকৈ আচৰিত বিষয়টো হ’ল, আৱাসিক এলেকাৰ মাজত থিয় হৈ থকা বিশাল মবাইল টাৱাৰটো চুৰি হৈ গ’ল যদিও ইয়াৰ খবৰ কোনো লোকে পোৱা নাছিল। ঘটনাটোৱে এতিয়া বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।

জানিব পৰা মতে, বহু বছৰ ধৰি বন্ধ হৈ থকা জিটিএল (GTL) কোম্পানীৰ মবাইল টাৱাৰটো মেৰামতি কৰাৰ উদ্দেশ্যে কোম্পানীৰ বিষয়া-কৰ্মচাৰীসকল ডুমৰাওত উপস্থিত হোৱাৰ পিছত হতবাক হৈ পৰে। যি স্থানত ১৩২ ফুট উচ্চতাৰ টাৱাৰটো থিয় হৈ আছিল, সেই স্থানত টাৱাৰৰ কোনো অস্তিত্ব নাছিল। লগতে ১৫ কেভিৰ জেনেৰেটৰ আৰু আন সঁজুলিসমূহো নিৰুদ্দেশ হোৱা দেখা যায়।

ইয়াৰ পিছত কোম্পানীৰ বিষয়াসকলে মাটিৰ গৰাকী হৰিনাথ যাদৱৰ সৈতে যোগাযোগ কৰে। জানিব পৰা মতে, কোম্পানী আৰু মাটিৰ গৰাকীৰ মাজত ১২ বছৰৰ বাবে চুক্তি হৈছিল, যাৰ ম্যাদ ২০২২ চনত শেষ হৈছিল। চুক্তিৰ ম্যাদ শেষ হোৱাৰ পিছত কোম্পানীয়ে মাটিৰ ভাৰাও আদায় কৰা নাছিল। মাটিৰ গৰাকীয়ে কোম্পানীক চাৰিবাৰ নোটিচ প্ৰেৰণ কৰিছিল যদিও তেওঁ টাৱাৰ চুৰিৰ বিষয়ে কোনো তথ্য নথকাৰ দাবী কৰে।

এই সন্দৰ্ভত ডুমৰাও আৰক্ষী থানাত টাৱাৰ চুৰিৰ গোচৰ ৰুজু কৰা হৈছে। জিটিএল ইনফ্ৰাষ্ট্ৰাকচাৰে হৰিনাথ যাদৱৰ মাটিত স্থাপন কৰা মবাইল টাৱাৰটো চুৰি কৰা হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

প্ৰাথমিক তদন্তত ঘটনাটো ভাড়া-সংক্ৰান্তীয় বিবাদৰ সৈতে জড়িত হোৱাৰ সম্ভাৱনা দেখা গৈছে যদিও তদন্ত এতিয়াও চলি আছে।

বৰ্তমান ১৩২ ফুট উচ্চতাৰ মবাইল টাৱাৰ আৰু বৃহৎ জেনেৰেটৰ নিৰুদ্দেশ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় লোকসকলৰ মনত একেটাই প্ৰশ্ন—ইমান ডাঙৰ কাঠামো কোনো লোকৰ দৃষ্টিত নপৰাকৈ কেনেকৈ আঁতৰোৱা সম্ভৱ?

সূত্ৰ অনুসৰি, ভাড়া-সংক্ৰান্তীয় বিবাদক কেন্দ্ৰ কৰি মাটিৰ গৰাকীৰ ভূমিকাও তদন্তৰ আওতালৈ অনা হৈছে। এতিয়া এই ৰহস্যজনক ঘটনাৰ প্ৰকৃত সত্য কি, সেয়া জানিবলৈ সকলোৱে আৰক্ষীৰ তদন্তৰ ফলাফললৈ অপেক্ষা কৰি আছে।

ডিজিটেল ডেস্ক, ১৩ জুন

You might also like