কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত প্ৰথমবাৰৰ বাবে সম্পন্ন কৰা বৈজ্ঞানিক সমীক্ষাত বিশ্বজুৰি সংকটাপন্ন (Vulnerable) প্ৰজাতি হিচাপে স্বীকৃত গ্ৰেটাৰ হগ বেজাৰ (Greater Hog Badger) বা স্থানীয়ভাৱে পৰিচিত মাটি গাহৰিৰ এক সুস্থ আৰু বিস্তৃত জনসংখ্যা থকাৰ তথ্য পোহৰলৈ আহিছে।
কাজিৰঙাৰ টাইগাৰ চেল, Wildlife Conservation Trust আৰু Tiasa Adhyaৰ সহযোগত সম্পন্ন কৰা এই অধ্যয়নত সৰ্বভাৰতীয় বাঘ গণনাৰ সময়ত সংগ্ৰহ কৰা কেমেৰা ট্ৰেপৰ তথ্য বিশ্লেষণ কৰা হয়। সমীক্ষা অনুসৰি, প্ৰায় ১,১০০ বৰ্গ কিলোমিটাৰ এলেকাজুৰি কমেও ৬০টা গ্ৰেটাৰ হগ বেজাৰ বাস কৰি আছে, যি এই প্ৰজাতিটোৰ বাবে এক সুস্থ আৰু টেকসই জনসংখ্যাৰ ইংগিত বহন কৰে।
বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ সূচী–১ৰ অন্তৰ্গত এই নিশাচৰ আৰু দুৰ্লভ স্তন্যপায়ী প্ৰাণীটোৰ বিশ্বজনীন জনসংখ্যা বাসস্থান ধ্বংস আৰু চিকাৰৰ ফলত হ্ৰাস পাইছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। সংৰক্ষণবিদসকলৰ মতে, বৰ্তমান অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত এই প্ৰজাতিৰ অন্যতম গুৰুত্বপূৰ্ণ অৱশিষ্ট জনসংখ্যা সংৰক্ষিত হৈ আছে।
এই সফলতাক আদৰণি জনাই বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়, “এই দুৰ্লভ প্ৰজাতিটোৰ সুস্থ উপস্থিতিয়ে কাজিৰঙাৰ পৰিৱেশ ব্যৱস্থাৰ শক্তিশালী অৱস্থাৰ প্ৰতিফলন ঘটাইছে। সৰু হওক বা ডাঙৰ, প্ৰতিটো প্ৰজাতিয়েই পৰিৱেশীয় ভাৰসাম্য আৰু জীৱবৈচিত্ৰ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।”
আনহাতে, কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড০ সোণালী ঘোষে কয়, “কাজিৰঙা হৈছে জীৱবৈচিত্ৰ্যৰ এক অমূল্য ভঁৰাল। কম পৰিচিত প্ৰজাতিসমূহৰ বৈজ্ঞানিক তথ্য সংগ্ৰহে সংৰক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে উদ্যানখনৰ সমৃদ্ধ পৰিৱেশীয় ঐতিহ্য বুজিবলৈ সহায় কৰিব।”
বিশেষজ্ঞসকলৰ মতে, মাটি গাহৰিয়ে মাটি খনন আৰু খাদ্য অনুসন্ধানৰ জৰিয়তে মাটিত বায়ু চলাচল বৃদ্ধি, পুষ্টি উপাদানৰ পুনৰ বিতৰণ আৰু বিভিন্ন বাসস্থান গঠনত সহায় কৰে, যিয়ে সামগ্ৰিকভাৱে পৰিৱেশ ব্যৱস্থাক সুস্থ কৰি ৰাখে।
এই সমীক্ষাই পুনৰ এবাৰ প্ৰমাণ কৰিলে যে কাজিৰঙাত কেৱল গঁড়, বাঘ বা হাতীৰ দৰে বিখ্যাত বন্যপ্ৰাণী নহয়, বৰং কম পৰিচিত আৰু দুৰ্লভ প্ৰজাতিসমূহৰ সংৰক্ষণতো সমান গুৰুত্ব আৰোপ কৰা হৈছে। এই সাফল্যই কাজিৰঙাৰ সংৰক্ষণ ব্যৱস্থাৰ আন এক উল্লেখযোগ্য অধ্যায় হিচাপে পৰিগণিত হৈছে।
ডিজিটেল ডেস্ক, ১৩ জুন