ডিজিটেল ডেস্ক, ১৪ জুন : দৰিদ্ৰতাৰ কবলত পৰি বহি:ৰাজ্যত কাম বিচাৰি যোৱা অসমৰ শ্ৰমিক পুনৰ সন্ধানহীন হৈ পৰে। শ্ৰমিকগৰাকী সন্ধানহীন হোৱাৰ পিছত দুশ্চিন্তাত ভুগিছে পৰিয়ালটো। এই ঘটনা সংঘটিত হৈছে গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ গাতে লাগি থকা কলেজপাৰাত ।
জানিব পৰা মতে, গোসাঁইগাঁও কলেজপাৰা নিৱাসী ৰাজেশ ৰায় ওৰফে শেফাল ৰায় (৪৫)-এ একেটা চুবুৰিৰ সদেৱ ৰায়ৰ সৈতে ২৮ মে’ত কেৰালাৰ এটি আমূল কোম্পানীত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই যায়। নিশালৈকে পৰিয়ালৰ সৈতে যোগাযোগ আছিল যদিও পিছদিনাৰ পৰা ৰাজেশ ৰায়ৰ সৈতে পৰিয়ালৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। ৰাজেশ ৰায়ক লৈ যোৱা সদেৱ ৰায়ক এই সন্দৰ্ভত সোধাত তেওঁ কোনো সঠিক উত্তৰ দিব পৰা নাই। এই ঘটনাৰ পিছত পৰিয়ালটো এক উত্কন্ঠাৰ মাজত দিন কটাইছে। চৌদিশে বিচাৰিছে যদিও কোনো সন্ধান লাভ কৰা নাই।
ঘটনা সন্দৰ্ভত পৰিয়ালে গোসাঁইগাঁও থানাত অৱগত কৰিছে। সহজ-সৰল স্বভাৱৰ লোকজন কোনো দুষ্ট চক্ৰৰ কবলত পৰিছে বুলি সন্দেহ ৰাইজৰ। কোনোবাই সন্ধান লাভ কৰিলে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালে। নম্বৰ দুটা হ’ল- 8472055473, 600301085।