পশ্চিম এছিয়াত যুদ্ধৰ অৱসানৰ ইংগিত, আন্তঃৰাষ্ট্রীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্রাস
ডিজিটেল ডেস্ক, ১৪ জুন : দীর্ঘদিনীয়া সামৰিক সংঘাতে জর্জৰিত কৰা পশ্চিম এছিয়ালৈ শান্তি ঘূৰি অহাৰ ইংগিতে ভাৰতীয় অর্থনীতিত ইতিবাচক প্রভাৱ পেলাইছে৷ আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা যুদ্ধৰ অন্ত পৰাৰ ইংগিতেৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিশেষ ঘোষণাৰ পিছতে আন্তঃৰাষ্ট্রীয় বজাৰত খাৰুৱা তেলাৰ মূল্য ব্যাপকভাৱে হ্রাস পাইছে৷
বৃহস্পতিবাৰে অ’ভেল অফিচত সংবাদ মাধ্যমৰ সন্মুখত ট্রাম্পে দাবী কৰে যে তেহৰানৰ সৈতে যুদ্ধবিৰতিৰ চুক্তিৰ খচৰা চূড়ান্ত হৈ উঠিছে আৰু অহা এসপ্তাহমানৰ ভিতৰতে চূড়ান্ত চুক্তি স্বাক্ষৰিত হ’ব৷ এই চুক্তিমর্মে ইৰানে নিজৰ পাৰমাণৱিক কার্যসূচী সম্পূর্ণভাৱে বন্ধ কৰিব আৰু কৌশলগতভাৱে গুৰুত্বপূর্ণ হৰমুজ প্রণালী পুনৰ সকলোৰে বাবে মুকলি কৰি দিয়া হ’ব৷ মার্কিন ৰাষ্ট্রপতিগৰাকীৰ এই ঘোষণাৰ পিছতে বিশ্ব বজাৰত ব্রেণ্ট কুডৰ মূল্য প্রায় ৪ শতাংশ পর্যন্ত হ্রাস পাই প্রতি বেৰেলত ৮৫ ডলাৰৰ তললৈ নামি যায়৷ এই মূল্য বিগত দুমাহৰ ভিতৰত সর্বনিম্ন হিচাপে বিবেচিত হৈছে৷ বিশ্বৰ অন্যতম বৃহৎ তেল আমদানিকাৰক দেশ হোৱাৰ বাবে খাৰুৱা তেলৰ এই মূল্য হ্রাসে ভাৰতৰ বাবে এক আশাপ্রদ পৰিৱেশৰ সৃষ্টি কৰিছে৷
তেল ক্রয় কৰিবলৈ ভাৰতে খৰচ কৰিবলগীয়া ডলাৰৰ পৰিমাণ হ্রাস পোৱাৰ লগে লগে আন্তঃৰাষ্ট্রীয় বজাৰত আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্যও উল্লেখযোগ্যভাৱে শক্তিশালী হৈ উঠিছে৷ ১২ জুনত প্রতি ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য হয়গৈ ৯৫.১০ টকা৷ ১১ জুনত এই মূল্য আছিল ৯৫.৭৬ টকা৷ টকাৰ এই মূল্যৰ উত্থানে দেশৰ সামগ্রিক আমদানি ব্যয় বহুখিনি হ্রাস কৰিব৷ যাৰ ফলত পেট্র’ল–ডিজেলৰ লগতে অন্যান্য জৰুৰী সামগ্রীৰ মূল্যও নিয়ন্ত্রণলৈ অহাৰ সম্ভাৱনা প্রকট হৈ উঠিছে৷ ই দেশৰ মুদ্রাস্ফীতি ৰোধ কৰাৰ লগতে অর্থনীতিৰ ওপৰত পৰা চাপ হ্রাস কৰাত বিশেষভাৱে সহায় কৰিব৷
ভাৰতীয় মুদ্রাৰ শক্তিশালী স্থিতি আৰু তেলৰ মূল্য হ্রাসৰ এই ইতিবাচক খবৰে দেশৰ শ্বেয়াৰ বজাৰতো এক অভূতপূর্ব জোৱাৰৰ সৃষ্টি কৰিছে৷ শুকুৰবাৰে গোলকীয় বজাৰৰ গতি অনুসৰি মুম্বাইৰ শ্বেয়াৰ বজাৰত ঐতিহাসিক উত্থান পৰিলক্ষিত হয়৷ ছেনছেক্স ২.৩০ শতাংশ বৃদ্ধিৰে ১,৬৯৫.৪০ পইণ্ট বৃদ্ধি পাই দিনান্তত ৭৫,৫২৭.৯৫ পইণ্ট হয়গৈ৷ একেদৰে নিফ্টিও ৪৬১.৩০ পইণ্ট বৃদ্ধি পাই দিনান্তত ২৩,৬৪৫.৩৫ হয়গৈ৷ আমেৰিকাৰ ৰাষ্ট্রপতিয়ে দাবী কৰিলেও তেহৰানে খচৰা চুক্তিক এক অনুমানমূলক বুলিহে অভিহিত কৰিছে৷ ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে, ইৰানৰ ওপৰত চাপ সৃষ্টি কৰিবলগীয়া ট্রাম্পে এই কৌশল অৱলম্বন কৰিছে৷ বিশ্লেষকসকলে আশংকা প্রকাশ কৰিছে যে যদিহে জুলাইৰ ভিতৰত হৰমুজ প্রণালীৰে তেল সৰবৰাহ স্বাভাৱিক নহয়, তেন্তে খাৰুৱা তেলৰ মূল্য প্রতি বেৰেলত পুনৰ ১২০ৰ পৰা ১৩০ ডলাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷