অসমৰ থলুৱা ঐতিহ্য সংৰক্ষণ–গ্রাম্য জীৱিকা প্রসাৰৰ ক্ষেত্রত এক উল্লেখযোগ্য মাইলৰ খুঁটি৷ ৰাজ্যখনত চাৰিটা সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্রীয়ে ভৌগোলিক সূচক (জিআই টেগ) লাভ কৰিছে৷
অতি শেহতীয়াকৈ ‘জিঅ’গ্রাফিকেল ইণ্ডিকেচনছ ৰেজিষ্ট্রী’–এ স্বীকৃতি প্রদান কৰা এই চাৰিবিধ সামগ্রী হ’ল–বিহু পেঁপা, বাঁহ শিল্প, কার্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্রদায়ৰ হস্ততাঁত শিল্প৷
ইয়াৰ লগে লগে পুনৰ ৰাজ্যখনৰ ঐতিহ্যপূর্ণ কাৰুশিল্প, উপজাতীয় ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্র্যপূর্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হৈ পৰিব৷ এই স্বীকৃতিপ্রাপ্তিৰ প্রক্রিয়াত সহায় আৰু সমন্বয় কৰিছে নেচনেল বেংক ফৰ এগ্রিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, চমুকৈ নাবার্ডৰ অসম শাখাই৷
ইতিপূর্বে নাবার্ডৰ অসম শাখাই ৰাজ্যখনৰ কেতবোৰ সামগ্রীক জিআই টেগপ্রাপ্তিৰ ক্ষেত্রত অগ্রণী ভূমিকা গ্রহণ কৰিছে৷ নাবার্ডৰ অসম শাখাৰ মুখ্য মহাপ্রবন্ধক লোকেন দাসে এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত কয় যে এই প্রমাণীকৰণ কেৱল সামগ্রীসমূহৰ পৰিচিতি আৰু নির্ভৰযোগ্যতাকেই সুদৃঢ় নকৰে৷ বৰং ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ৰ সামগ্রীসমূহৰ বজাৰপ্রাপ্তিৰ সম্ভাৱনা বৃদ্ধি কৰিব৷
এই চাৰিবিধকে ধৰি নাবার্ডৰ সহযোগত অসমৰ জিআই টেগপ্রাপ্ত সামগ্রীৰ সংখ্যা ১২টালৈ বৃদ্ধি পালে৷ তেওঁৰ মতে, এনে স্বীকৃতিয়ে ঐতিহ্যপূর্ণ সামগ্রীসমূহৰ পৰিচিতি আৰু নির্ভৰযোগ্যতা বৃদ্ধি কৰাৰ সমান্তৰালভাৱে ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রীয় বজাৰত ইয়াৰ চাহিদা–সম্ভাৱনা উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব৷
অসম সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ বাবে পৰিচিত৷ হস্ততাঁত শিল্প, থলুৱা কাৰুশিল্প আৰু লোকশিল্পৰ মাধ্যমেৰে এই সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য উদ্ভাসিত হৈ পৰে৷ ইয়াৰ মাজত বহু সামগ্রী গ্রাম্য জনগোষ্ঠীয় আর্থ–সামাজিক কাঠামোৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে৷
এতিয়া জিআই টেগ পোৱাৰ লগে লগে এনে সামগ্রীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা পাব৷ লগতে শিল্পী আৰু শিপিনীসকলে উন্নত বজাৰৰ সুবিধা, সমুচিত দাম আৰু সামগ্রীৰ ব্যাপক পৰিচিতি লাভ কৰাৰো পথ প্রশস্ত হৈ পৰিব৷
আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল এই পদক্ষেপে ৰাজ্যখনৰ হাজাৰ হাজাৰ গ্রাম্য শিল্পী আৰু শিপিনীক উপকৃত কৰাৰ আশা কৰা হৈছে৷
ডিজিটেল ডেস্ক, ১৫ জুন