নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

AMCH-ৰ আজব কাণ্ড! মৃতদেহ সলনি কৰি পৰিয়ালক চমজাই দিয়াৰ অভিযোগ

ডিব্ৰুগড়স্থিত Assam Medical College and Hospital (AMCH)-ত এক চাঞ্চল্যকৰ আৰু আজৱ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সোণাৰিৰ এটা পৰিয়ালক মৃত আত্মীয়ৰ পৰিৱৰ্তে অন্য এজন ব্যক্তিৰ মৃতদেহ চমজাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

জানিব পৰা মতে, সোণাৰিৰ খামলং চাহ বাগিচাৰ বাসিন্দা মনোজ বাউৰী নামৰ এজন যুৱক বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল। চিকিৎসাৰ বাবে তেওঁক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে।

অভিযোগ অনুসৰি, মৃত্যুৰ পিছত চিকিৎসালয় কৰ্তৃপক্ষই মনোজ বাউৰীৰ পৰিয়ালক তেওঁৰ মৃতদেহৰ পৰিৱৰ্তে আন এজন ব্যক্তিৰ মৃতদেহ চমজাই দিয়ে। পৰিয়ালৰ লোকে এম্বুলেন্সযোগে মৃতদেহ ঘৰলৈ লৈ যায় আৰু শেষকৃত্যৰ প্ৰস্তুতি চলাওঁতেই ঘটনাটো পোহৰলৈ আহে।

মৃতদেহ চিনাক্ত কৰাৰ সময়ত পৰিয়ালৰ সদস্যসকলে সন্দেহ প্ৰকাশ কৰে আৰু পিছত নিশ্চিত হয় যে সেয়া মনোজ বাউৰীৰ মৃতদেহ নহয়। ইয়াৰ পিছতে পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

ঘটনাটোক কেন্দ্ৰ কৰি চিকিৎসালয় কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ অভিযোগ উত্থাপিত হৈছে। মৃতদেহ চমজাই দিয়াৰ ক্ষেত্ৰত কেনেদৰে এনে বৃহৎ ভুল সংঘটিত হ’ল তাক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপিত হৈছে।

ইতিমধ্যে ঘটনাটোৰ তদন্তৰ দাবী উত্থাপিত হৈছে আৰু দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।

ডিজিটেল ডেস্ক, ১৬ জুন

You might also like