নবী মুম্বাই আন্তর্জাতিক বিমানবন্দৰৰ লগতে বৰঝাৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ দ্বিতীয়টো টার্মিনেললৈ ২০২৬ বর্ষৰ বিশ্বৰ সুন্দৰতম বিমানবন্দৰৰ সন্মান প্রদান কৰা হৈছে৷
বিশ্বৰ বিখ্যাত আর্কিটেক্সাৰ আৰু ডিজাইন বঁটাৰ ভিতৰত অন্যতম প্রিক্স ভার্ছেইলছ বঁটা ভাৰতৰ এই দুই আন্তর্জাতিক বিমানবন্দৰে লাভ কৰিছে৷ ভাৰতৰ সর্ববৃহৎ ব্যক্তিগত বিমানবন্দৰ পৰিচালন সংস্থা আদানি এয়াৰপ’ট হ’ল্ডিংছ লিমিটেডৰ জৰিয়তে এই দুই বিমানবন্দৰে ২০২৬ চনৰ বিশ্বৰ আটাইতকৈ সুন্দৰ বিমানবন্দৰৰ তালিকাত স্থান লাভ কৰে৷
এই স্বীকৃতিয়ে বিমানবন্দৰ দুটাৰ উৎকৃষ্ট নির্মাণশৈলী, বহনক্ষমতা আৰু যাত্রীৰ অনুকূল পৰিকল্পনাক মান্যতা প্রদান কৰিছে৷ প্রিক্স ভার্ছেইলছ হৈছে স্থাপত্য আৰু ডিজাইনৰ ক্ষেত্রত প্রদান কৰা এক বিশিষ্ট বার্ষিক গোলকীয় বঁটা৷
এই বঁটা ২০১৫ চনৰ পৰা পেৰিছত অৱস্থিত ইউনেস্ক’ৰ মুখ্য কার্যালয়ত প্রদান কৰা হয়৷ এই বঁটাই নতুনকৈ মুকলি কৰা নতুন বিমানবন্দৰ আৰু নতুন টার্মিনেলসমূহক তেওঁলোকৰ সমসাময়িক সৃষ্টিৰ বাবে পুৰস্কৃত কৰে৷
এই বঁটা লাভৰ জৰিয়তে বিমানবন্দৰসমূহে পৰম্পৰাগত ধাৰাৰ পৰা আঁতৰি গৈ বিশ্বৰ অধিক সমৃদ্ধ আৰু অধিক সামঞ্জস্যপূর্ণ ৰূপত নিজকে তুলি ধৰিবলৈ সক্ষম হৈছে৷ নবী মুম্বাই আন্তর্জাতিক বিমানবন্দৰ আৰু লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ লগতে আন পাঁচটা আন্তর্জাতিক বিমানবন্দৰক এই তালিকাত স্থান দিয়া হৈছে৷
ইয়াৰ ভিতৰত আছে চীনৰ গুৱাংঝো, জার্মানীৰ ফ্রাংকফ’ট এমমেইন, কম্বোডিয়াৰ কাণ্ডালষ্টুৱেং, আমেৰিকাৰ পিটার্ছবার্গ আৰু ছানডিয়াগো৷
গুৱাহাটীৰ লোকপ্রিয় আন্তর্জাতিক বিমানবন্দৰ দক্ষিণ আৰু দক্ষিণ–পূব এছিয়াৰ সংযোগস্থলত অৱস্থিত৷ ই উত্তৰ–পূব ভাৰতৰ এক ঐতিহাসিক প্রৱেশদ্বাৰ৷ উত্তৰ–পূব ভাৰতৰ প্রৱেশদ্বাৰ হিচাপে এই অঞ্চলটোৰ মনপৰশা পাৰিপার্শ্বিক বৈচিত্র্য আৰু থলুৱা ঐতিহ্যৰ বাবে ই বিশ্বজুৰি প্রসিদ্ধ৷
লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ দ্বিতীয় টার্মিনেলৰ স্থাপত্যশৈলী বাঁহ অর্কিডৰ প্রাকৃতিক সৌন্দর্যৰ দ্বাৰা অনুপ্রাণিত৷ ই অতি উচ্চ কাৰিকৰী দক্ষতা আৰু বহনক্ষম গাঁথনিৰ জৰিয়তে এই অঞ্চলটোৰ চহকী জৈৱ–বৈচিত্র্যক প্রতিনিধিত্ব কৰিছে৷
আনহাতে, নবী মুম্বাই আন্তর্জাতিক বিমানবন্দৰৰ টার্মিনেল ১–এ ইয়াৰ সুকীয়া পদুম ফুলৰ দ্বাৰা অনুপ্রাণিত ভাস্কর্যশৈলীক প্রতিফলিত কৰিছে৷ এক বিশ্বমানৰ প্রৱেশদ্বাৰ গঢ়ি তোলা এই বিমানবন্দৰে আধুনিক ভাৰতৰ গোলকীয় অর্থনৈতিককেন্দ্রিক আকাংক্ষাকো প্রতিফলিত কৰিছে৷
প্রিক্স ভার্ছেইলছৰ দৰে আন্তর্জাতিক সন্মান লাভ কৰাৰ পিছত আদানি এয়াৰপ’ট হ’ল্ডিংছ লিমিটেডৰ এগৰাকী মুখপাত্রই সংবাদ মাধ্যমৰ আগত কয়– আমাৰ বিমানবন্দৰসমূহক্ বিশ্বব্যাপী স্বীকৃতি দিয়াত আমি সন্মানিত হৈছোঁ আৰু ভাৰতৰ বিমানবন্দৰক বিশ্বৰ আগশাৰীৰ বিমানবন্দৰৰ স্থান দিয়াৰ বাবে আমি আমাৰ সর্বোচ্চ বহনক্ষমতা আৰু কাৰিকৰী দক্ষতাৰ সৈতে সেৱা আগবঢ়াবলৈ প্রতিশ্রুতিবদ্ধ৷
ডিজিটেল ডেস্ক, ১৬ জুন