কোন এই ভজিনহা… গ’লবক্সত স্পেইনৰ ৰণশৈলীক বাৰম্বাৰ প্ৰত্যাহ্বান
সোমবাৰে অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২৬ত কেপ ভাৰ্ডে আৰু স্পেইনৰ মাজত হোৱা মেচখন ০-০ গ’লত ড্ৰ হয়। বিশ্বকাপত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা কেপ ভাৰ্ডেৰ বাবে এই ফলাফল এক ঐতিহাসিক সাফল্য হিচাপে বিবেচিত হৈছে।
বিশ্বকাপ ২০২৬ত আত্মপ্ৰকাশ কৰা চাৰিখন দেশৰ ভিতৰত কেপ ভাৰ্ডে এখন। লগতে ফিফা বিশ্বকাপত অভিষেক ঘটা দ্বিতীয় সৰু দেশ হিচাপেও কেপ ভাৰ্ডে বিশেষ স্বীকৃতি লাভ কৰিছে।
বৰ্তমান ফিফা ৰেংকিঙত ৬৪ নম্বৰত থকা কেপ ভাৰ্ডেই বিশ্বৰ তৃতীয় স্থানপ্ৰাপ্ত দল তথা প্ৰাক্তন বিশ্ব চেম্পিয়ন স্পেইনক এটা গ’ল দিয়াৰ পৰাও বঞ্চিত কৰে। আমেৰিকাৰ আটলান্টা ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ০-০ গ’লত ড্ৰ কৰি কেপ ভাৰ্ডেই বিশ্বকাপ ইতিহাসত নিজৰ প্ৰথম পইণ্ট সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
কেপ ভাৰ্ডেৰ এই কৃতিত্বৰ মূল নায়ক আছিল ৪০ বছৰীয়া অভিজ্ঞ গ’লৰক্ষক ভজিনহা। স্পেইনে মেচখনত একেৰাহে আক্ৰমণ চলাই কেপ ভাৰ্ডেৰ গ’লপোষ্টত ২৭বাৰ লক্ষ্য স্থিৰ কৰিছিল যদিও এবাৰো সফল হ’ব নোৱাৰিলে।
মেচৰ আৰম্ভণিতে স্পেইনৰ আধিপত্য স্পষ্ট দেখা গৈছিল। কিন্তু সময় বঢ়াৰ লগে লগে কেপ ভাৰ্ডেই প্ৰমাণ কৰিলে যে তেওঁলোকক দুৰ্বল বুলি ধাৰণা কৰাটো ভুল। স্পেইনৰ সকলো আক্ৰমণ ভজিনহাই ব্যৰ্থ কৰি দিয়ে আৰু নিজৰ গ’লপোষ্ট অক্ষত ৰাখে।
মেচৰ পৰিসংখ্যা অনুসৰি, স্পেইনে ২৭টা শ্বট মাৰে তাৰে ভজিনহাই ৭বাৰ নিশ্চিত গ’ল ৰক্ষা কৰে। লগতে ৬বাৰ বক্সৰ ভিতৰত গ’ল হোৱাৰ পৰা দলক বচায় আৰু ৩বাৰ ডাইভ মাৰি চমৎকাৰভাৱে বল প্ৰতিহত কৰে। তেওঁৰ এই অসাধাৰণ প্ৰদৰ্শনৰ বাবেই ভজিনহাক ‘প্লেয়াৰ অৱ দ্য মেচ’ বঁটা প্ৰদান কৰা হয়।
মেচখনৰ পিছত ভজিনহাই নিজৰ এই সাফল্য পৰিয়ালৰ সদস্যসকলক উৎসৰ্গা কৰে। কিন্তু যেতিয়া তেওঁ জানিব পাৰে যে তেওঁৰ মাতৃয়ে ভিছা নোপোৱাৰ বাবে ষ্টেডিয়ামত উপস্থিত থাকিব নোৱাৰিলে, তেতিয়া তেওঁ আৱেগিক হৈ পৰে আৰু তেওঁৰ চকুত চকুলো বৈ আহে।
ভজিনহা মূলতঃ নিজৰ দেউতা-আইতাকৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছিল। কিন্তু কেইবছৰমান পূৰ্বেই তেওঁৰ দেউতা-আইতাকৰ মৃত্যু হৈছিল, সেয়ে তেওঁলোকেও এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ব নোৱাৰিলে।
৪০ বছৰ বয়সত আহি ভজিনহাৰ কঠোৰ পৰিশ্ৰমে ফল লাভ কৰিলে। বিশ্বকাপৰ মঞ্চত স্পেইনৰ দৰে শক্তিশালী দলক প্ৰত্যাহ্বান জনাই তেওঁ এতিয়া কেপ ভাৰ্ডেৰ ফুটবল ইতিহাসত এক স্মৰণীয় অধ্যায় ৰচনা কৰিলে।
ডিজিটেল ডেস্ক, ১৬ জুন