নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত, ভাৰতত নিষিদ্ধ টেলিগ্ৰাম

NEET-UG 2026ৰ পুনঃপৰীক্ষাক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰীক্ষাৰ সুৰক্ষা আৰু নকল চক্ৰক নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে ২২ জুনলৈ টেলিগ্ৰাম নিষিদ্ধ কৰা হৈছে।

ইয়াৰ উপৰি ৩০ জুনলৈকে টেলিগ্ৰামৰ ‘মেছেজ এডিট’ সুবিধাও বন্ধ ৰখা হ’ব বুলি জানিব পৰা গৈছে। ২১ জুনত অনুষ্ঠিত হ’বলগীয়া NEET-UG পুনঃপৰীক্ষাৰ পূৰ্বে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে National Testing Agency (NTA)-এ।

উল্লেখযোগ্য যে মে’ মাহত অনুষ্ঠিত হোৱা NEET-UG পৰীক্ষাৰ প্ৰশ্নপত্ৰ ফাদিল হোৱাৰ অভিযোগ উত্থাপিত হোৱাত পৰীক্ষাখন বাতিল কৰা হৈছিল। ইয়াৰ পিছতে ২১ জুনত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়।

পুনঃপৰীক্ষাৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ শেহতীয়াকৈ কেবিনেট সচিবে NTA-ৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। তেওঁ স্পষ্টভাৱে কয় যে পৰীক্ষাৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা বিঘ্নিত কৰিবলৈ চেষ্টা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

পৰীক্ষাৰ সুৰক্ষাৰ বাবে কেন্দ্ৰই একাধিক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ভাৰতীয় বায়ুসেনাৰ জৰিয়তে প্ৰশ্নপত্ৰ পৰিবহণ, CRPF আৰু CISF জোৱানৰ নিয়োগ, স্থানীয় প্ৰশাসনক সুৰক্ষা ব্যৱস্থাত সহযোগিতা আৰু পৰীক্ষা কেন্দ্ৰসমূহত কটকটীয়া নিৰীক্ষণ। কেন্দ্ৰীয় চৰকাৰৰ মতে, ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনৰ সমন্বয়েৰে পুনঃপৰীক্ষাৰ স্বচ্ছতা আৰু নিৰপেক্ষতা নিশ্চিত কৰা হ’ব।

NTA-এ শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে কেইবাটাও নতুন ব্যৱস্থা ঘোষণা কৰিছে। সেই অনুসৰি, পৰীক্ষা অনুষ্ঠিত হ’ব দুপৰীয়া ২ বজাৰ পৰা সন্ধিয়া ৫:১৫ বজালৈ, মুঠ ১৯৫ মিনিট সময় ধাৰ্য কৰা হৈছে, শিক্ষাৰ্থীসকলে অতিৰিক্ত ১৫ মিনিট সময় লাভ কৰিব আৰু ৰাফ ৱৰ্কৰ বাবে প্ৰশ্নপত্ৰত পৃষ্ঠাৰ সংখ্যা ২ৰ পৰা ৪লৈ বৃদ্ধি কৰা হৈছে। NTA-ৰ মতে, এই ব্যৱস্থাসমূহে শিক্ষাৰ্থীসকলক অধিক সুবিধা প্ৰদান কৰাৰ লগতে পৰীক্ষা অধিক সুসংগঠিতভাৱে সম্পন্ন কৰাত সহায় কৰিব।

২১ জুনত অনুষ্ঠিত হ’বলগীয়া NEET-UG পুনঃপৰীক্ষাক লৈ দেশজুৰি ব্যাপক সতৰ্কতা আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ডিজিটেল ডেস্ক, ১৬ জুন

You might also like