নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : সামাজিক মাধ্যম আৰু যুৱপ্রজন্মৰ মানসিক স্বাস্থ্য

কিছুদিন পূর্বে ইউনিচেফ আৰু নেচনেল ছার্ভিচ স্কিমৰ এটা যুটীয়া সমীক্ষাত কিছু উদ্বেগজনক তথ্য পোহৰলৈ আহিছিল৷ সেই তথ্য অনুসৰি, অসমৰ প্রায় ৯৫ শতাংশ যুৱপ্রজন্মই চাইবাৰ বুলিং (ইণ্টাৰনেট, ছ’চিয়েল মিডিয়া, মেছেজিং এপ, ই–মেহল বা অন্য ডিজিটেল মাধ্যম) ব্যৱহাৰ কৰি কাৰোবাক ইচ্ছাকৃতভাৱে অপমান কৰা, ভয় দেখুওৱা, হায়ৰান কৰা বা মানসিকভাৱে আঘাত কৰা আৰু হয়াৰ ফলত সৃষ্টি হোৱা মানসিক সমস্যাৰ সন্মুখীন হৈছে৷

প্রায় ষাঠি শতাংশই প্রকাশ কৰিছে যে ইয়াৰ বাবে তেওঁলোকৰ সামাজিক সম্পর্কত প্রভাৱ পৰিছে আৰু প্রায় ২৪ শতাংশই তীব্র উদ্বেগ, মানসিক চাপ তথা ভয়ৰ কথা উল্লেখ কৰিছে৷ এই সংখ্যাবোৰ কেৱল যান্ত্রিক পৰিসংখ্যা নহয়, ইয়াৰ আঁৰত লুকাই আছে হাজাৰ হাজাৰ যুৱ মনৰ অপ্রকাশিত যন্ত্রণা, যিবোৰ বহু সময়ত অভিভাৱক বা শিক্ষকৰ অলক্ষিতে থাকি যায়৷

এই তথ্যই এটা স্পষ্ট প্রশ্ন উত্থাপন কৰে– আজিৰ যুৱ প্রজন্মৰ হাতত আমি যি প্রযুক্তি তুলি দিছোঁ, সেই প্রযুক্তিয়ে তেওঁলোকৰ অন্তর্জগতক কেনেদৰে প্রভাৱিত কৰিছে, তাৰ প্রতি অভিভাৱক আৰু শিক্ষকসকল সঁচাকৈয়ে কিমান সচেতন?

স্মার্ট ফোনটো আজি কেৱল বার্তালাপৰ এটা যন্ত্র হৈ থকা নাই৷ ই এখন সম্পূর্ণ সুকীয়া জগত, য’ত পাঠ্যপুথি আছে, বিনোদন আছে, বন্বুূ আছে আৰু একেলগে আছে অহৰহ চলি থকা এটি অদৃশ্য প্রভাৱশালী চক্র৷

এজন কিশোৰ বা কিশোৰীয়ে সামাজিক মাধ্যমৰ পর্দাত আনৰ পৰিপূর্ণ জীৱনৰ জিলিকি থকা ছবি, ব্যয়বহুল সামগ্রী আদি দেখি অজানিতেই নিজৰ জীৱনৰ সৈতে তুলনা কৰিবলৈ আৰম্ভ কৰে৷ এই তুলনাই এক গভীৰ অপ্রাপ্তিবোধৰ সৃষ্টি কৰে, যি ক্রমাৎ আত্মবিশ্বাসৰ অভাৱ, অনাহূত উদ্বেগ আৰু কেতিয়াবা তীব্র অৱসাদলৈ পর্যবসিত হয়৷

ৰাতিটো স্ক্রীনৰ পোহৰত কটাই দিয়াৰ ফলত যুৱপ্রজন্মৰ টোপনিৰ যি নাটনি হৈছে, সি তেওঁলোকৰ শিক্ষা, স্বাস্থ্য আৰু মানসিক অৱস্থাৰ ওপৰত বিৰূপ প্রভাৱ পেলাইছে৷ মনোযোগৰ অভাৱ, খিংখিঙীয়া স্বভাৱ, পঢ়া–শুনাত অনিচ্ছা আদি লক্ষণবোৰক প্রায়ে কিশোৰ বয়সৰ স্বাভাৱিক আচৰণ বুলি উপেক্ষা কৰা হয়৷

কিন্তু বাস্তৱ সত্যটো হ’ল– ইয়াৰ আঁৰত প্রায়ে থাকে এক অন্তর্নিহিত মানসিক সংকট, যাৰ শিপা সোমাই থাকে হাতৰ ফোনটোৰ ভিতৰতেই৷

এই পৰিপ্রেক্ষিতত অভিভাৱকৰ প্রথম পদক্ষেপ হ’ব পাৰে সন্তানৰ ফোন ব্যৱহাৰৰ ওপৰত চকু দিয়া৷ অৱশ্যে সন্তানক ফোন কমকৈ ব্যৱহাৰ কৰিবলৈ কোৱাৰ পূর্বে অভিভাৱকে নিজে কিমান সময় ফোনত ব্যস্ত থাকে, সেইটোও আত্মবীক্ষণ কৰা উচিত৷

কাৰণ সন্তানে অভিভাৱকৰ উপদেশতকৈ তেওঁলোকৰ আচৰণৰ পৰাহে বেছি শিকে৷ একেদৰে শিক্ষানুষ্ঠানসমূহৰ ভূমিকাও ইয়াত সমানেই গুৰুত্বপূর্ণ৷ আমাৰ বহু বিদ্যালয়ত এতিয়াও মানসিক স্বাস্থ্যৰ দৰে সংবেদনশীল বিষয়ে কথা পাতিবলৈ কোনো নিয়মিত মঞ্চ বা ব্যৱস্থা নাই৷

প্রতিখন বিদ্যালয়ত যদি প্রশিক্ষিত পৰামর্শদাতাৰ দ্বাৰা ছাত্র–ছাত্রীক ডিজিটেল সাক্ষৰতাৰ লগতে ডিজিটেল সুস্থতাৰ শিক্ষা দিয়া হয়, তেন্তে বহু সমস্যা প্রথম পর্যায়তে চিনাক্ত কৰিব পৰা যাব৷ চাইবাৰ বুলিঙৰ চিকাৰ হোৱা ছাত্র–ছাত্রীয়ে যাতে কোনো কুণ্ঠাবোধ বা ভয় নোহোৱাকৈ শিক্ষকক মনৰ কথা জনাব পাৰে, তেনে এক বিশ্বাসৰ সম্পর্ক গঢ়ি তোলাটো বিদ্যালয়সমূহৰ অগ্রাধিকাৰ হোৱা উচিত৷

এটা কথা স্পষ্ট যে সমস্যাটো প্রযুক্তি নহয়, সমস্যাটো হ’ল প্রযুক্তিৰ অপব্যৱহাৰ৷ স্মার্ট ফোন আৰু সামাজিক মাধ্যমৰ নিজা বহু উপকাৰিতা আছে–শিক্ষা, যোগাযোগ আৰু সৃজনশীলতা প্রকাশৰ ই এক অনন্য মাধ্যম৷

গতিকে, এই প্রযুক্তিক নিষিদ্ধ কৰাটো সমাধান নহয়, বৰং ইয়াৰ এক স্বাস্থ্যকৰ আৰু সুসংগঠিত ব্যৱহাৰৰ পৰিৱেশ সৃষ্টি কৰাৰ কথাহে গভীৰভাৱে চিন্তা কৰিব লাগে৷ চৰকাৰী পর্যায়তো এইক্ষেত্রত কিছু জৰুৰী পদক্ষেপ লোৱাৰ প্রয়োজন আছে৷

বিদ্যালয়সমূহত মানসিক স্বাস্থ্য পৰামর্শ সেৱা বিস্তৃত কৰা, চাইবাৰ বুলিঙৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ বাবে এক সহজ আৰু সুৰক্ষিত আইনী ব্যৱস্থা গঢ়ি তোলা আৰু অভিভাৱক–শিক্ষকৰ বাবে ‘ডিজিটেল পেৰেণ্টিং’ৰ বিশেষ প্রশিক্ষণৰ আয়োজন কৰাটো অত্যন্ত ফলপ্রসূ হ’ব৷

কিশোৰ আৰু যুৱপ্রজন্মৰ মানসিক স্বাস্থ্য কেৱল কোনো একক প্রতিষ্ঠান বা ব্যক্তিৰ দায়িত্ব নহয়, ই অভিভাৱক, শিক্ষক, শিক্ষানুষ্ঠান, চৰকাৰ আৰু সমগ্র সমাজৰ এক যুটীয়া দায়বদ্ধতা৷ অসমৰ যুৱপ্রজন্মই যদি আজি কোনো ধৰণৰ মানসিক সংকটৰ সন্মুখীন হৈছে, তেন্তে ই কেৱল কাৰোবাৰ ব্যক্তিগত সমস্যা নহয়, ই এক গভীৰ সামাজিক সংকট৷ ইয়াৰ স্থায়ী সমাধানৰ বাবে সমাজৰ প্রতিজন সচেতন নাগৰিক একত্রিত হৈ আগবাঢ়ি অহাটো সময়ৰ আহ্বান৷

You might also like