নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপৰ আকাশচুম্বী খৰচত স্তম্ভিত ফুটবলপ্ৰেমী

আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হৈ থকা ফিফা বিশ্বকাপ ২০২৬ক ইতিহাসৰ অন্যতম বৃহৎ আৰু জাকজমকপূর্ণ প্ৰতিযোগিতা হিচাপে গণ্য কৰা হৈছে। কিন্তু টিকট আৰু হস্পিটেলিটি পেকেজৰ মূল্যই বিশ্বজুৰি ফুটবলপ্ৰেমীক আচৰিত কৰি তুলিছে। বহু মেচৰ বিলাসবহুল সুবিধাৰ মূল্য কোটি কোটি টকালৈকে বৃদ্ধি পাইছে।

বিশ্বকাপৰ মেচসমূহ বিলাসবহুলভাৱে উপভোগ কৰিব বিচৰা অনুৰাগীসকলে যথেষ্ট খৰচ বহন কৰিব লাগিব। তথ্য অনুসৰি, এখন ছেমিফাইনেল মেচৰ প্ৰাইভেট ছুইট বুকিঙৰ মূল্য ধাৰ্য কৰা হৈছে ৩,১৭,১০০ আমেৰিকান ডলাৰ, অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৩ কোটি টকা। এই বিশেষ ছুইটৰ পৰা মেচ উপভোগ কৰাৰ অভিজ্ঞতা ব্যতিক্ৰমী হ’লেও সাধাৰণ অনুৰাগীৰ বাবে সেয়া প্ৰায় অসাধ্য।

ইয়াৰ উপৰি ষ্টেডিয়াম-সংলগ্ন আন বহু খৰচেও সকলোকে হতবাক কৰিছে। সংবাদ মাধ্যমৰ তথ্য অনুসৰি, ছ’ফাই ষ্টেডিয়ামত কেৱল গাড়ী পাৰ্কিঙৰ বাবেই খৰচ কৰিব লাগিব প্ৰায় ৩০০ আমেৰিকান ডলাৰ, অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ২৯ হাজাৰ টকা।

ষ্টেডিয়ামৰ ভিতৰত খাদ্য-পানীয়ৰ মূল্যও আকাশচুম্বী। এক কাপ বীয়েৰৰ মূল্য ধাৰ্য কৰা হৈছে ১৮.৯৯ আমেৰিকান ডলাৰ, যাৰ মূল্য ভাৰতীয় মুদ্ৰাত প্ৰায় ১,৮০০ টকা।

কেৱল সেয়াই নহয়, এটা পানীৰ বটল কিনিবলৈও অনুৰাগীসকলে ব্যয় কৰিব লাগিব ৫.৯৯ আমেৰিকান ডলাৰ, অৰ্থাৎ প্ৰায় ৫৬৭ টকা।

বিশ্বকাপৰ এই ব্যয়বহুল ব্যৱস্থাই ফুটবলপ্ৰেমীৰ মাজত ব্যাপক আলোচনা সৃষ্টি কৰিছে। মেচ উপভোগ কৰাৰ আনন্দৰ লগতে অত্যধিক খৰচো এতিয়া ফিফা বিশ্বকাপ ২০২৬ৰ অন্যতম চৰ্চিত বিষয় হৈ পৰিছে।

ডিজিটেল ডেস্ক, ১৬ জুন

You might also like