নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্ণৌত আজি শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ

লক্ষ্ণৌত এদিনীয়া শৃংখলা দখলৰ লক্ষ্য লৈছে টীম ইণ্ডিয়াই৷ আলহী দল আফগানিস্তানৰ বিপক্ষে খেলি থকা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি লক্ষ্ণৌত অনুষ্ঠিত হ’ব৷

শৃংখলাটোৰ বর্ষাবিঘ্নিত প্রথমখন মেচত বিজয় সাব্যস্ত কৰা শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে আজিৰ মেচখনতো বিজয় সাব্যস্ত কৰি শৃংখলাটো দখল কৰাৰ লক্ষ্য লৈছে৷ ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় দলটোৱে চলিত এদিনীয়া শৃংখলাটো অধিক গুৰুত্বসহকাৰে লৈছে৷

প্রথমখন মেচত দীঘলীয়া ইনিংছ খেলাত ব্যর্থ হোৱা অভিজ্ঞ তাৰকা বেটাৰ ৰোহিত শর্মাৰ লগতে শ্রেয়াছ আয়াৰে আজিৰ মেচখনত নিজৰ ছন্দ অনুসৰি খেলিব পাৰিব বুলি আশা ব্যক্ত কৰিছে অধিনায়ক গিলে৷

কেৰিয়াৰৰ প্রথমখন মেচতে আশানুৰূপ প্রদর্শন দাঙি ধৰা হর্ষ ডুবে আৰু গুৰনুৰ ব্রাৰক লৈ সন্তুষ্টি প্রকাশ কৰি গিলে কয় যে দুয়োজন বলাৰক আজিৰ মেচখনতো পুনৰ এবাৰ সুযোগ দিয়া হ’ব৷

আজিৰ মূল একাদশলৈ কুলদীপ যাদৱৰ প্রত্যাৱর্তন ঘটাৰ সম্ভাৱনা আছে বুলি ইংগিত দি গিলে লগতে কয় যে আগন্তুক এদিনীয়া বিশ্বকাপৰ বাবে আমি এটা শক্তিশালী দল গঠনৰ প্রস্তুতি চলাইছোঁ৷

খেলৰ সময়ঃ দিনৰ ১.৩০ বজা

ডিজিটেল ডেস্ক, ১৭ জুন

You might also like