অসমৰ গৌৰৱ এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ ক্ষেত্রত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে বিগত পাঁচ বছৰত সফলতা লাভ কৰিছে৷ চোৰাং চিকাৰীৰ কবলৰ পৰা কাজিৰঙা, মানাহ, ওৰাং ৰাষ্ট্রীয় উদ্যানৰ লগতে পবিতৰা বন্যপ্রাণী সংৰক্ষিত বনাঞ্চলসহ অন্যান্য সংৰক্ষিত বনাঞ্চলত থকা গঁড়ক সুৰক্ষা দিয়াৰ বাবে ড০ শর্মা নেতৃত্বাধীন চৰকাৰখনে অহোপুৰুষার্থ চেষ্টা কৰাৰ পৰিণতিত গঁড় হত্যা ক্রমান্বয়ে শূন্যৰ ঘৰত উপনীত হৈছে৷
ৰাজ্যত কংগ্রেছ চৰকাৰৰ আমোলত হোৱা ধাৰাবাহিক গঁড় হত্যাৰ বিপৰীতে বিজেপি শাসনাধীন সময়ছোৱাত চোৰাং চিকাৰীৰ বিৰুদ্ধে চৰকাৰে গ্রহণ কৰা কঠোৰ পদক্ষেপৰ কাৰণে ২০২১ চনৰ পৰা গঁড় হত্যাৰ পৰিসংখ্যা হ্রাস হৈছে৷
উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২১ চনত চৰকাৰলৈ অহাৰ পিছতে চৰকাৰৰ প্রচেষ্টাত ২০২২ চনত অসমত প্রায় ৪৫ বছৰ পিছত প্রথমবাৰৰ বাবেগঁড় হত্যাৰ সংখ্যা ‘শূন্য’লৈ হ্রাস হয়৷
বন বিভাগৰ তথ্য অনুসৰি ২০২১ চনৰ পৰা ২০২৬ চনলৈ মাত্র ৭টা গঁড়হে চোৰাং চিকাৰীৰ হাতত মৃত্যু হয়৷ বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত ২০২১ চনত ২টা, ২০২৩ চনত ১টা আৰু ২০২৪ চনত ২টা গঁড় চোৰাং চিকাৰীৰ হাতত হত্যা হোৱাৰ বিপৰীতে মানস ৰাষ্ট্রীয় উদ্যানত ২০২৩ চনত ১টা আৰু ওৰাং ৰাষ্ট্রীয় উদ্যানত ১টা গঁড় হত্যাৰ ঘটনা সংঘটিত হয়৷
বন বিভাগৰ দ্বাৰা প্রকাশিত তথ্য অনুসৰি পবিতৰা বন্যপ্রাণী সংৰক্ষিত বনাঞ্চলত ২০১৫ চনৰ পৰা ২০২৬ চনলৈ এটাও গঁড় হত্যা হোৱা নাই৷ বিজেপি চৰকাৰে প্রথমবাৰ অসমৰ শাসনভাৰ গ্রহণৰ পিছত পবিতৰাত এটাও গঁড় হত্যা নোহোৱা ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে৷
কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত ২০২২ চনৰ পৰা মাত্র তিনিটা গঁড়েহে চোৰাং চিকাৰীৰ হাতত প্রাণ হেৰুৱাইছে৷ ৰাষ্ট্রীয় উদ্যানখনত ২০২৫ চনৰ পৰা বর্তমানলৈ এটাও গঁড় হত্যা নোহোৱা বিষয়টোৱে গঁড় হত্যাৰ লগত জড়িত চোৰাং চিকাৰীৰ বিৰুদ্ধে চৰকাৰ তথা বন বিভাগৰ শূন্য সহনশীলতাৰ দিশটোকে প্রতিফলিত কৰিছে৷
বন বিভাগৰ তথ্য অনুসৰি ২০১৫ চনৰ পৰা ২০২৬ চনৰ ফেব্রুৱাৰী মাহলৈ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত মুঠ ৫৮টা গঁড় চোৰাং চিকাৰীৰ বলি হৈছে৷ উক্ত সময়ছোৱাত ৰাজ্যখনত মুঠ ৭১টা গঁড় হত্যা হৈছে৷
ইয়াৰ বিপৰীতে কংগ্রেছ চৰকাৰৰ আমোলত ৰাজ্যখনত চোৰাং চিকাৰীৰ নির্বিচাৰ চিকাৰত ব্যাপক মাত্রাত সংঘটিত হৈছিল গঁড় হত্যা৷ ২০০১ চনৰ পৰা ২০১৫ চনলৈ ৰাজ্যত মুঠ ২১৭টা গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল৷
উক্ত সময়ছোৱাত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানতে মুঠ ১৪৯টা গঁড় হত্যা হৈছিল৷ উক্ত সময়ছোৱাত ওৰাং ৰাষ্ট্রীয় উদ্যানত ৩২টা গঁড় হত্যা হয়৷ স্মর্তব্য যে ২০২২ চনৰ পৰা ২০১৫ চন পর্যন্ত ৰাজ্যত বনকর্মীৰ গুলীচালনাত ৮জন চোৰাং চিকাৰী নিহত হয় বুলি বন বিভাগে প্রকাশ কৰিছে৷
ডিজিটেল ডেস্ক, ১৭ জুন