আজি ১৮ জুন, আহাৰ মাহৰ ৩ তাৰিখ
বৃহস্পতিবাৰ : তিথি–শুক্লা চতুর্থী, নক্ষত্র : ৰোহিণী, যাত্রা : নাই
মেষ : আজি কাৰোবাৰ লগত চলি অহা বিবাদৰ নিষ্পত্তি হ’ব পাৰে৷ ঘনিষ্ঠ আত্মীয়ৰ দ্বাৰা অপমানিত হ’ব পাৰে৷ সামাজিক কামত সম্মান প্রাপ্তিৰ যোগ৷ দাম্পত্যত শান্তি বজাই থাকিব৷ শুভ ৰং– নীলা, শুভ সংখ্যা– ২
বৃষ : আজি চেষ্টা আৰু সংযম বজাই ৰাখিলে দিনটোত বিভিন্ন দিশত সফল হ’ব পাৰিব৷ কর্মক্ষেত্রত নিজৰ প্রতিভাৰ বিকাশ ঘটিব৷ কিবা বিষয়লৈ ভাতৃৰ লগত বিৰোধ দেখা দিব৷ শুভ ৰং– ৰঙা, শুভ সংখ্যা– ১
মিথুন : আজি কর্মক্ষেত্রত মধ্যম ফল৷ গুৰুত্বপূর্ণ কামত সাফল্য আহিব৷ ব্যৱসায়ত জটিলতা দেখা দিব পাৰে৷ ঘৰত আলহীৰ আগমন হ’ব পাৰে৷ শুভ ৰং– হালধীয়া, শুভ সংখ্যা– ৭
কর্কট আজি কর্মক্ষেত্রত জটিল দেখা দিব পাৰে৷ সংগীত শিল্পীসকলৰ বাবে শুভ৷ পুৰণি কামৰ সুফল পাব পাৰে৷ ভাতৃৰ উন্নতিৰ যোগ৷ বেচৰকাৰী ক্ষেত্রত কর্ম পৰিৱর্তনৰ যোগ৷ শুভ ৰং– সেউজীয়া, শুভ সংখ্যা– ৪
সিংহ : আজি কর্মক্ষেত্রত সহকর্মীৰ পৰা সতর্কতা অবলম্বন কৰিব৷ সমাজ সেৱামূলক কামত সাফল্য আহিব৷ নতুন যোগাযোগৰ ক্ষেত্রত শুভ৷ ব্যৱসায় বাণিজ্যত মধ্যম৷ শুভ ৰং– চিলভাৰ, শুভ সংখ্যা– ৩
কন্যা : আজি কর্মক্ষেত্রত বিশেষ কোনো কামৰ বাবে প্রশংসা লাভ কৰিব৷ হঠাৎ শৰীৰত আঘাত পাব পাৰে৷ অর্থ সম্পদ প্রাপ্তিৰ যোগ৷ নতুন যোগাযোগৰ ক্ষেত্রত বাধা পৰিব পাৰে৷ প্রেমত শুভ৷ শুভ ৰং– সোণালী শুভ সংখ্যা– ৫
তুলা : আজি ঘৰুৱা অশান্তিৰ ফলত দৈনন্দিন কর্মতবাধা৷ কর্মক্ষেত্রত সমস্যা বৃদ্ধি পাব৷ দিনটোত নতুন যান–বাহন ক্রয়ৰ যোগ৷ নিবনুৱাৰ কর্মসংস্থাপনৰ যোগ৷ নতুন কোনো আঁচনি হাতত ল’ব পাৰে৷ শুভ ৰং– বেঙুনীয়া, শুভ সংখ্যা– ২
বৃশ্চিক : আজি কর্মক্ষেত্রত সন্মান প্রাপ্তিৰ যোগ৷ কিবা বিষয়লৈ ভাতৃৰ লগত বিৰোধ হ’ব পাৰে৷ শিক্ষা বিভাগৰ লগত জডিত ব্যক্তি সকলৰ উন্নতিৰ যোগ৷ শুভ ৰং– সেউজীয়া শুভ সংখ্যা– ৬
ধনু : আজি সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব৷ কিবা বিষয়লৈ পিতৃ–মাতৃৰ লগত বিৰোধ দেখা যায়৷ প্রভাৱশালী ব্যক্তিৰ সহায় লাভ কৰিব৷ বিদ্যাত শুভ৷ প্রেমত সন্দেহ৷ শুভ ৰং– গুলপীয়া শুভ সংখ্যা– ৩
মকৰ : আজি কর্মক্ষেত্রত জটিলতা দেখা দিব পাৰে৷ বিশেষ কোনো কামৰ বাবে আত্মীয় স্বজনৰ প্রশংসা লাভ কৰিব৷ নতুন কামত সাফল্য আহিব৷ শুভ ৰঙ– বগা শুভ সংখ্যা– ৮
কুম্ভ : আজি আহনৰ লগত জড়িত ব্যক্তি সকলৰ সাফল্য আহিব৷ বিনা কাৰণত অপমানিত হ’ব পাৰে৷ নতুনকৈ ব্যৱসায়ৰ পৰিকল্পনা নকৰাই ভাল৷ প্রেমত উৎসাহ৷ শুভ ৰং– ধূসৰ, শুভ সংখ্যা– ৯
মীন : আজি দৈনন্দিন কর্মত উন্নতি৷ কিবা বিষয় লৈ ঘনিষ্ঠ বন্বুূৰ লগত মতবিৰোধ৷ বাধা–বিঘিনিৰ মাজেৰে গুৰুত্বপূর্ণ কামত সাফল্য আহিব৷ বিদ্যাত শুভ৷ শুভ ৰং– কলা, শুভ সংখ্যা ৫